NORTHEAST NOW (Assamese)

FREMAA-ত ফিল্ড চুপাৰভাইজাৰৰ পদ খালী , কিদৰে কৰিব আবেদন ?

July 16, 2022 12:40 pm · এন ই নাও নিউজ

বানপানী আৰু নদীৰ খহনীয়া ব্যৱস্থাপনা সংস্থা তথা  জলসম্পদ বিভাগৰ অধীনত থকা FREMAA-ত  ফিল্ড চুপাৰভাইজাৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ নাম : ফিল্ড চুপাৰভাইজাৰ
পদৰ সংখ্যা : ৬

অৰ্হতা আৰু অভিজ্ঞতা : ৫৫ শতাংশ নম্বৰৰ সৈতে যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰী। বিশেষকৈ লোকপিয়ল জৰীপ , জিলা প্ৰশাসন আৰু অন্যান্য চৰকাৰী কাৰ্যালয় আদিত প্ৰশিক্ষণ আদিৰ কমেও৩  বছৰৰ ক্ষেত্ৰ অভিজ্ঞতা থকা প্াৰ্থীক প্ৰাধান্য দিয়া হ’ব। চৰকাৰৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ জ্ঞান থকা  বাঞ্ছনীয়।

Also read : Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

দৰমহা : প্ৰতি মাহে ৩৬,০০০ টকা
বয়সৰ সীমা : সৰ্বাধিক বয়সৰ সীমা হৈছে ১-১-২০২২ তাৰিখে ৪৫ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে FREMAA-ৰ ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত ফৰ্মেটত তেওঁলোকৰ আবেদন সমূহ সম্পূৰ্ণ কৈ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰে । লগতে স্বাক্ষৰিত কভাৰ লেটাৰৰ স্কেন কৰা প্ৰতিলিপি আৰু বয়স, অৰ্হতা আৰু অভিজ্ঞতাৰ  নথিপত্ৰ প্ৰেৰণ কৰিব লাগিব। এনে নথিপত্ৰ  ceo-fremaa@assam.gov.in আৰু hrms-fremaa@assam.gov.in ইমেইল কৰিব লাগিব আৰু  “ফিল্ড চুপাৰভাইজাৰ পদৰ বাবে আবেদন।” বুলি লিখিব লাগিব। আবেদনসমূহ  ২৫  জুলাই, ২০২২ তাৰিখৰ ভিতৰত সন্ধিয়া ৫  বজালৈ ওপৰোক্ত ইমেইল ঠিকনাবোৰত পঠিয়াব  লাগিব
বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
https://fremaa.assam.gov.in/sites/default/files/swf_utility_folder/departments/fremaa_webcomindia_org_oid_4/portlet/level_1/files/field_supervisor.pdf

Also read : Assam Career : প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত প্ৰশাসনিক পদ খালী, কিদৰে কৰিব আবেদন? 

Related News