NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু; ‘ৱাকা ৱাকা’ৰ পিছত, এইবাৰ ‘দাই দাই’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2026 2:47 pm

ফুটবল বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু। ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ ‘ৱাকা ৱাকা’ৰ সুৰত সমগ্ৰ বিশ্বই নাচি উঠিছিল। সেই গীতটোৱে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। তাৰ পিছত যোৱা তিনিটা বিশ্বকাপত শ্বাকিৰা অবিহনে থিম ছং সম্পূৰ্ণ হতাশাজনক আছিল।

অৱশেষত ১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চত কলম্বিয়ান পপ তাৰকাগৰাকীয়ে গোৱা থিম ছং। ফুটবলৰ সৰ্বোচ্চ নিয়ামক সংস্থাই ঘোষণা কৰিছে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ আনুষ্ঠানিক গীত। আৰু সেই গীতটোৰে ১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চলৈ ঘূৰি আহিছে ছাকিৰা।

এই নতুন গীতটিৰ নাম ‘দাই দাই’। এই গীতটোত শ্বাকিৰাই নাইজেৰিয়াৰ জনপ্ৰিয় আফ্ৰোবিটছৰ শিল্পী বাৰ্না বয়ৰ সৈতে যুটী বান্ধিছে।

অহা ১৪ মে’ত মুক্তি পাব সম্পূৰ্ণ থিম ছঙটো, এতিয়া টিজাৰটো মুকলি কৰা হৈছে।

বিশ্বকাপৰ আনুষ্ঠানিক গীত হিচাপে ‘দাই দাই’ ঘোষণাক লৈ ইতিমধ্যে ফুটবল অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে। ১৪ মে’ত মুক্তি পাব সম্পূৰ্ণ গীতটো। তাৰ আগতে ৭ মে’ত ব্ৰাজিলৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়ামৰ টিজাৰ ভিডিঅ’ পোষ্ট কৰি শ্বাকিৰাই সকলোকে আচৰিত কৰি তোলে। সেই ভিডিঅ’টো মুক্তি পোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

দাই দাই শব্দৰ অৰ্থ কি? ‘দাই দাই’ মূলতঃ ইটালীয় অভিব্যক্তি, যাৰ অৰ্থ হৈছে ‘ব’লা, আগুৱাই যাওঁ’ বা ‘Come on, let’s go’। ২০১০ চনৰ বিশ্বকাপৰ শ্বাকিৰাৰ ‘ৱাকা ৱাকা’ (দিচ টাইম ফৰ আফ্ৰিকা) আজিও ফুটবল ইতিহাসৰ অন্যতম জনপ্ৰিয় গীত হিচাপে গণ্য কৰা হয়। ফলত ‘দাই দাই’ক লৈ আশা আকাশলংঘী হৈ পৰিছে।

বহুতৰে মতে এই নতুন গীতটোৱে বিশ্বজুৰি ফুটবলৰ উন্মাদনাত পুনৰ এক নতুন মাত্ৰা যোগ কৰিব পাৰে। থিম ছং ‘দাই দাই’ত লেটিন পপ আৰু আফ্ৰোবিটছৰ স্পৰ্শ আছে। ফলত সংগীত বিশেষজ্ঞসকলৰ মতে এই গীতটো আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য হ’ব। বিশেষকৈ শ্বাকিৰা আৰু বাৰ্না বয়ৰ যুটিটো ইতিমধ্যে বিশ্ব সংগীতৰ অন্যতম ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ফিফাৰ সৈতে ছাকিৰাৰ সম্পৰ্ক নতুন নহয়। ইয়াৰ পূৰ্বেও একাধিক বিশ্বকাপত জড়িত হৈ আছে ছাকিৰা। সেইবাবেই বহুতে তেওঁক ‘বিশ্বকাপ সংগীতৰ ৰাণী’ বুলিও কয়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ এটা অংশই দাবী কৰিবলৈ আৰম্ভ কৰিছে যে ‘ৱাকা ৱাকা’ৰ পিছত পুনৰ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ হিট হ’ব ‘দাই দাই’।

ফিফাৰ সূত্ৰৰ মতে, কোকাকোলাৰ প্ৰচাৰমূলক বিশ্বকাপৰ গীতৰ পৰা এইটো সম্পূৰ্ণ পৃথক আনুষ্ঠানিক গীত। ফলত অহা কেইমাহমানৰ ভিতৰত বিশ্বকাপৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে এই গীতটোৱে আধিপত্য বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে।

কেতিয়াৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ? ২০২৬ চনৰ বিশ্বকাপ আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে আয়োজন কৰিব। ১১ জুনত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলখনত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেল অনুষ্ঠিত হ’ব। ১৯ জুলাইত নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। তাৰ পূৰ্বে এই গীতটোৱে বিশ্বকাপৰ পৰিৱেশ সৃষ্টি কৰাত ডাঙৰ ভূমিকা ল’ব পাৰে।

উল্লেখ্য যে এইবাৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাখন ইতিহাসৰ আটাইতকৈ ডাঙৰ হ’বলৈ গৈ আছে। এইবাৰ তিনিখন দেশত অনুষ্ঠিত হ’ব বিশ্বকাপ। বিশ্বকাপৰ মূল মঞ্চত ৪৮খন দেশে প্ৰথমবাৰৰ বাবে খেলিব।