NORTHEAST NOW (Assamese)
Popular Stories

ভাৰততেই হ’ব মহিলাৰ ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ; নতুন সময়সূচী ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 8:44 pm
fifa-women-1140x570

মহামাৰী ক’ভিড-১৯ৰ বাবে স্থগিত কৰা মহিলাৰ অনূৰ্ধ্ব-১৭ ফিফা বিশ্বকাপ এতিয়া অহা বথৰ ১৭ ফেব্ৰুৱাৰিৰ পৰা ভাৰততে অনুষ্ঠিত হ’ব।

ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে সকলো ধৰণৰ স্প’ৰ্টছ টুৰ্ণামেণ্ট বন্ধ হৈ থকাৰ সময়তে আজি ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই এই ঘোষণা কৰে।

উল্লেখ্য যে মহিলাৰ এই টুৰ্ণামেণ্টখন চলিত বছৰৰ ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে এই টুৰ্ণামেণ্টখন সাময়িকভাৱে স্থগিত কৰি দিয়া হয়।

নতুন দিন ঘোষণা সন্দৰ্ভত ফিফাই কয়, ‍‘ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো দিশ পৰ্যালোচনা কৰি নতুন সময়সূচী ঘোষণা কৰিছো’।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৬ খন দেশে অংশ গ্ৰহণ কৰিব।

বিশ্বকাপৰ মেচ সমূহ ভাৰতৰ পাঁচখন ঠাইত আয়োজন কৰা হৈছে। এই পাঁচখন চহৰ হ’ল- আহমেদাবাদ, ভুৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নবী মুম্বাই।