NORTHEAST NOW (Assamese)

কাজিৰঙাৰ ৰিজৰ্ট বৰগছত জনস্বাস্থ্য ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধন

October 30, 2018 4:36 pm · উত্তম শইকীয়া
Updated: October 30, 2018 5:46 pm

দেশৰ জনসাধাৰণ স্বাস্থ্য ৰক্ষাৰ দায়িত্ব বৰ অনুভৱী কাৰ্য৷ ভাৰতত কোনো কামেই সৰুকৈ কৰিব নোৱাৰোঁ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আমি কি কৰো তাৰ বাবে সমগ্ৰ বিশ্বই জানিবলৈ উদগ্ৰীৱ হৈ ৰৈ থাকে—’ আজি কাজিৰঙাৰ বৰগছ নামৰ বিলাসী হোটেলত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ “গুড এণ্ড ৰেপ্লিকেৱল প্ৰেক্ট্ৰিচ এণ্ড ইন’ভেশ্যন ইন পাব্লিক হেল্থ কেয়াৰ ছিষ্টেম ইন ইণ্ডিয়া” ৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এনে দৰে মন্তব্য কৰে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে. পি নাড্ডাই৷

৩০ অক্টোবৰৰ পুৱাৰে পৰা কাজিৰঙাৰ বৰগছ নামৰ বিলাসী হোটেলখনত অনুষ্ঠিত হৈছে এই ৰাষ্ট্ৰীয় সন্মিলনখন৷ বৰগছৰ প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে. পি নাড্ডাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ  বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি ও পশুপালন  বিভাগৰ মন্ত্ৰী অতুল বৰা, জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীয়ুষ হাজৰিকা,  স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় সচিব প্ৰীতি চুড়াং,  অতিৰিক্ত সচিব মনোজ জালানি আদি উপস্থিত থাকে।

স্বাস্থ্য ক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই পঞ্চম ৰাষ্ট্ৰীয় ভাৰতৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰসমূহৰ  অতিৰিক্ত মুখ্য সচিব,  প্ৰমুখ্য সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালকসকল তথা অন্যান্য উচ্চ পদস্থ বিষয়াক লৈ প্ৰায় ৩০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷ উদ্বোধনী অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী জে. পি নাড্ডা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰি উলিওৱা একোখনকৈ পুস্তিকা উন্মোচন কৰে৷ উল্লেখ্য যে কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আজি ৩০ অক্টোবৰৰ পৰা তিনিদিন ধৰি চলিব এই ৰাষ্ট্ৰীয় সন্মিলনখন৷

Related News