NORTHEAST NOW (Assamese)
অসম

‘চলো পাল্টাই’ অভিযানৰ তিনি বাঙালী বুদ্ধিজীৱি-নেতাৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 31, 2019 7:21 am
55-7

ছ’চিয়েল মিডিয়াযোগে চলো পাল্টাই-২০২১ শ্ল’গান ৰাজহুৱা কৰি ২০২১ত অসমৰ বাঙালীসকলক যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনোৱা তিনি বুদ্ধিজীৱি-নেতা ক্ৰমে গৰ্গ চেতাৰ্জী, শান্তনু মুখোপাধ্যায় আৰু চন্দন চেতাৰ্জীৰ বিৰুদ্ধে গোচৰ তৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই। বৃহস্পতিবাৰে বিয়লিভাগত বৰাই বশিষ্ঠ থানাত এক গোচৰ তৰি উক্ত তিনিও বুদ্ধিজীৱিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বৰাই আহ্বান জনাইছে ।

বৰাই থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে ‘ চলো পাল্টাই ২০২১’ ৰ জৰিয়তে ২০২১ ত হ’বলগীয়া লোকপিয়লত সকলো হিন্দু-মুছলমান উভয়ৰ দ্বাৰা বাংলা ভাষাক মাতৃভাষা হিচাপে প্ৰতিষ্ঠিত কৰাৰ এক অপ্ৰাণ চেষ্টা চলাই আহিছে।

ইতিমধ্যে ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত তথাকথিত বুদ্ধিজীৱি গৰ্গ চেতাৰ্জীয়ে ছ’চিয়েল মিডিয়াত চলো পাল্টাই-২০২১’ শ্ল’গানৰ প্ৰচাৰ কৰি বাংলাভাষী লোকসকলক অসমীয়া বিদ্বেষী কৰি তুলিছে বুলিও এজাহাৰ খনত উল্লেখ কৰিছে।

‘’উক্ত নেতাজনে দিল্লীৰ এখন বৈঠকত একাংশ উগ্ৰ বাঙালী নেতা আৰু অসমৰ দুই বাঙালী নেতা শান্তনু মুখোপাধ্যায় আৰু চন্দন চেতাৰ্জীৰ উপস্থিতিত অসমীয়া জাতিক মুকলিভাৱে ভাবুকি প্ৰদান কৰিছে,‘’-এজাহাৰত আৰ টি আই কৰ্মীগৰাকীয়ে এইদৰে উল্লেখ কৰে।

f83a714b-231e-41de-8576-0cd212f9d746
আৰ টি আই কৰ্মী দুলাল বৰাই বশিষ্ঠ থানাত দিয়া এজাহাৰখন।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চলি থকাৰ সময়তে অসমৰ বাঙালী লোকক এনআৰচিৰ নামত হাৰাশাস্তি কৰা বুলি উচটনিমূলক বক্তব্য দিয়া বুলিও বৰাই এজাহাৰত উল্লেখ কৰে।

‘’লোকপিয়লত মুছলমান বংগভাষীসকলে মাতৃভাষা বাংলা লিখিবলৈ বাধ্য কৰাব বুলি হুংকাৰ দিছে, যাৰ প্ৰতিফলন হিচাপে গৰ্গ চেতাৰ্জীয়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ অসমীয়া বিদ্বেষী মন্তব্য কৰি থকা দেখা গৈছে, ‘অনেক হ’ল জয় আই অসম’, ‘এইবাৰ অসমত ‘জয় আই আসাম’, আসামেৰ ভৱিষ্যত হ’ল বাঙালীৰ অধিকাৰ প্ৰতিষ্ঠা’ ‘জয় মা আসাম চলো পাল্টাই’ বুলি স্পৰ্শকাতৰ তথা অশোভনীয় মন্তব্য প্ৰদান কৰি সম্প্ৰীতিৰ মিলনভূমি অসমত অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টি কৰি আহিছে,’‘-বৰাই কয়।

উক্ত তিনিগৰাকী বুদ্ধিজীৱি-নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্য দিয়াৰ কাৰণে এক গোচৰ ৰুজু কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে বৰাই আহ্বান জনায়।

উল্লেখ্য যে, অসমৰ বাঙালী আৰু অসমীয়াৰ মাজত বিভাজন কৰিবলৈ চেষ্টা কৰা পশ্চিমবংগৰ তিনি বাঙালী বুদ্ধিজীৱিৰ সাম্প্ৰদায়িক মন্তব্যক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।