NORTHEAST NOW (Assamese)

অসমীয়া চলচ্চিত্ৰ অনন্যালৈ ৩টা শিতানত শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা

January 11, 2019 2:57 pm · এন ই নাও নিউজ

১০ জানুৱাৰি বৃহস্পতিবাৰে সস্পন্ন হোৱা তৃতীয় শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমীয়া চল্চচিত্ৰ ‘অনন্যা’ই ৩টা শিতানত এই বঁটা লাভ কৰিছে। আঞ্চলিক চলচ্চিত্ৰলৈ অৱদান আগবঢ়োৱা চলচ্চিত্ৰ আৰু চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৈ এই বঁটা আগবঢ়োৱা হয়।
অসমীয়া চলচ্চিত্ৰ ‘অনন্যা’ই ৩টা শিতানত এই বঁটা লাভ কৰিছে। বিজয় নাথে এই শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰৰ বঁটা আৰু অভিনেত্ৰী চন্দনা শৰ্মাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। চলচ্চিত্ৰখনৰ পৰিচালক অৰূপ মান্নাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।
‘অনন্যা’ত পিতৃতান্ত্ৰিক মূল্যবোধৰ দ্বাৰা চালিত সমাজত প্ৰায় অৱহেলিত হৈ থকা জটিলতাপূৰ্ণ বিষয়সমূহ—নাৰীৰ হেঁপাহ, যৌনতা আৰু অভিজ্ঞতা আদিক প্ৰগতিবাদী দিশেৰে চালিজাৰি চোৱা হৈছে।
জুবিন গাৰ্গৰ ‘মিশ্যন চাইনা’ই ২টা শিতানত এই বঁটা লাভ কৰিছে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিছে।

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী বঁটা লাভ কৰিছে সুমন বৰুৱা আৰু প্ৰদীপ দৈমাৰীয়ে আৰু সম্পাদনাৰ বঁটা লাভ কৰিছে প্ৰতীম খাউণ্ডে।
দুটাকৈ বঁটা প্ৰাপ্ত আনখন চলচ্চিত্ৰ হৈছে ইশ্বু। ইশ্বু চলচ্চিত্ৰৰ বাবে কপিল গাৰোৱে বিশেষ জুৰি বঁটা লাভ কৰিছে।
অসমীয়া লেখিকা মণিকুন্তলা দত্তবৰুৱাই লিখা একে নামৰ উপন্যাসৰ আধাৰত এই চলচ্চিত্ৰখনৰ নিৰ্দেশনা হৈছে উৎপল বৰপূজাৰীৰ। এই চলচ্চিত্ৰখনে সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে।
‘ফেঁহুজালি’ চলচ্চিত্ৰৰ বাবে সুৰেন মহন্তই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ‘কেলেণ্ডাৰ’ চলচ্চিত্ৰৰ বাবে তৰালী শৰ্মাই লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা। ‘সীমা—দ্য ষ্টৰি আনটল্ড’ৰ বাবে ড০ জাহানাৰা বেগমে লাভ কৰে বিশেষ জুৰি বঁটা।

Related News