NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ ছবি নিৰ্মাতা বাসু চেতাৰ্জীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 2:53 pm
প্ৰসিদ্ধ ছবি নিৰ্মাতা বাসু চেতাৰ্জীৰ পৰলোকপ্ৰাপ্তি

আজি ৰাতিপুৱা প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰ নাট্যকাৰ বাসু চেতাৰ্জীৰ পৰলোকপ্ৰাপ্তি ঘটে। ৯৩ বছৰীয়া এইগৰাকী যশস্বী চলচ্চিত্ৰ নিৰ্মাতাই মুন্বাইত শেষ নিশ্বাস ত্যাগ কৰে।

বাতো বাতো মে, ৰজনীগন্ধা, চৌকিন, চোটি ছি বাতৰ লগতে আন আন ছবিৰ বাবে দৰ্শকে সদায় মনত ৰাখিব বাসু চেতাৰ্জীক।

চিনেমাৰ উপৰি দূৰদৰ্শনৰ সৈতেও জড়িত আছিল বাসু চেতাৰ্জী।

ফিল্মমেকাৰ এণ্ড ইণ্ডিয়ান ফিল্ম এণ্ড টি ভি ডিৰেক্টৰছ এছ’চিয়েশ্যনৰ অধ্যক্ষ অশোক পণ্ডিতে টুইটযোগে জানিবলৈ দি কয়, ‍‘অতি দুখেৰে জনাও যে বাসু চেতাৰ্জীৰ আজি নিধন হয়’।

তেওঁ টুইটটোত একেলগে উল্লেখ কৰি কয়, ‍‘দুপৰীয়া ২ বজত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। তেওঁৰ মৃত্যু ইণ্ডাষ্ট্ৰিৰ বাবে অপূৰণীয় ক্ষতি’।

তেওঁ হিন্দীৰ লগতে বঙালী চিনেমাতো কাম কৰিছিল।

চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ মৃত্যুত বলিউদৰ ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰৰ লগতে কেইবাজনো তাৰকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।