NORTHEAST NOW (Assamese)
অসম

সন্মুখত চূড়ান্ত এন আৰ চি: যিকোনো প্ৰত্যাহ্বান মোকাবিলাৰ বাবে সাজু অসম আৰক্ষী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 5, 2019 4:32 pm
Final NRC: Assam police ready to deal with any challenge

‘এন আৰ চিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ প্ৰত্যাহ্বান আহিলেও সুচাৰুৰূপে পালন কৰিম। সম্পূৰ্ণ সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছে।‘ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত ব’হাগী উৎসৱত অংশগ্ৰহণ কৰি এই মন্তব্য সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ।

উল্লেখ্য যে, অহা ১৫ জুনত প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত খচৰা প্ৰকাশ পোৱাৰ বিপৰীতে অহা ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ কথা। তেনে সময়তে এন আৰ চিৰ ক্ষেত্ৰত সৃষ্টি হ’বলগীয়া যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ অসম আৰক্ষী সাজু বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে।

‘এন আৰ চিৰ ক্ষেত্ৰত যিধৰণৰ নিৰাপত্তা ল’ব লাগে সেইখিনি লৈ থকা হৈছে। তাত কোনোধৰণৰ সুৰুঙা দিয়া নাই।‘ এই মন্তব্য কুলধৰ শইকীয়াৰ।

ইপিনে, এন আৰ চিৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিয়োজিত বাহিনীসমূহ মজুত আছে যদিও প্ৰয়োজন সাপেক্ষে বাহিৰৰপৰাও সেনা-বাহিনী মজুত কৰা হ’ব বুলি শইকীয়াই উল্লেখ কৰে।

‘আগতে যেনেধৰণৰ আছিল তেনে ধৰণেৰেই আমাৰ এন আৰ চি বাহিনী আছে, যদি প্ৰয়োজন হয় তেন্তে আৰু বাহিনী যোগান ধৰিবলৈ ৰাজি আছো।‘ শইকীয়াই এইদৰে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ১৫ জুনৰ দিনা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ প্ৰকাশ পাব যদিও অহা ৩০ জুনলৈকে খচৰাত নাম নহাসকলে ভাৰতীয় বুলি প্ৰমাণ দিয়াৰ সুযোগ লাভ কৰিব।

২০১৮ চনৰ ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰকাশ পাইছিল চূড়ান্ত খচৰা আৰু ইয়াৰ পৰা নাম বাদ পৰিছিল ৪০,০৭,৭০৭ গৰাকী লোকৰ। ইয়াৰ বিপৰীতে ২,৮৯,৮৩,৬৭৭ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল চূড়ান্ত খচৰাত।