NORTHEAST NOW (Assamese)

অন্তিম ইচ্ছা পূৰ্ণ হ’ল গাজাৰ সাংবাদিক ফাতিমা হাছুনাৰ

April 20, 2025 1:33 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 20, 2025 1:38 pm

গাজাৰ সাংবাদিক ফাতিমা হাছুনে অন্তিম ইচ্ছাৰ কথা ব্যক্ত কৰি কৈছিল যে তেওঁ এনেকুৱা এটা মৃত্যু বিচাৰে যিয়ে বিশ্বক জোকাৰি যায়। কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়াত এই দৰে শেষ ইচ্চাৰ কথা প্ৰকাশ কৰিছিল। সাহসী ২৫ বছৰীয়া ফাতিমাৰ এই ইচ্ছা বিয়াৰ এদিন পূৰ্বে, ১৬ এপ্ৰিল ইজৰাইলৰ বোমা বিস্ফোৰণত নিহত হোৱাৰ ফলত পূৰণ হ’ল। যুদ্ধৰ বিভিষীকাৰ মাজতো তেওঁ উত্তৰ গাজাত ইজৰাইল-হামাছ সংঘাতৰ দৃশ্য বিশ্বৰ আগত তুলি ধৰিছিল।

গাজাৰ কাহিনী বিশ্বৰ আগত পৰিচয় কৰোৱা সংগ্ৰামী ফাতিমাৰ মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে জানিবলৈ পাইছিল যে ফ্ৰান্সৰ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন হ’ব। তেওঁ বিগত কেইদিনমান ধৰি ইজৰাইলী সেনাৰ বোমা বিস্ফোৰণ, ধ্বংসপ্ৰাপ্ত ঘৰৰ ধ্বংসাৱশেষ আৰু ১০ জন আত্মীয়ৰ মৃত্যুৰ দৃশ্য কেমেৰাত তুলি ধৰিছিল। মৃত্যুৰ ভয় সত্ত্বেও তেওঁ নিজৰ আৰু গাজাৰ মানুহৰ কাহিনী বিশ্বৰ আগত উন্মোচন কৰিবলৈ অটল আছিল। তেওঁৰ কামে ইজৰাইলৰ গাজাত চলি থকা নিৰ্যাতনৰ সাক্ষ্য প্ৰকাশ কৰিছিল যি বিশ্বব্যাপী মানবাধিকাৰ কৰ্মীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছিল।

বুধবাৰে ইজৰাইলী সেনাই ফাতিমাৰ ঘৰক লক্ষ্য কৰি বোমা নিক্ষেপ  কৰাৰ ফলত তেওঁৰ ঘৰ নিমিষতে ধূলিত পৰিণত হ’ল। বিস্ফোৰণত ফাতিমাৰ গৰ্ভৱতী ভগ্নীসহ ১০ জন আত্মীয় নিহত হয়। ফাতিমাৰ মৃত্যুৰ খবৰে ফ্ৰান্সৰ চলচ্চিত্ৰ মহোৎসৱত দুখ প্ৰকাশ কৰি কয়, তেওঁৰ হাঁহিৰ দৰে জাদুকৰী আছিল তেওঁৰ দৃঢ়তা।

উল্লেখ্য যে বিগত মাৰ্চত ইজৰাইলে যুদ্ধবিৰতি চুক্তি ভংগ কৰি পুনৰ সংঘাত আৰম্ভ কৰিছিল, আৰু শুকুৰবাৰে গাজাত ৩০ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ফাতিমাৰ শেষ ইচ্ছা সত্য হৈ উঠিলেও, তেওঁৰ মৃত্যুৱে বিশ্বক শোক আৰু উদ্বেগৰ মজলৈ থেলি দিছে।

Related News