NORTHEAST NOW (Assamese)

অৱশেষত অনুশোচনা! প্ৰাক্তন স্বামীক ক্ষমা খুজিলে মেৰিকমে

February 2, 2026 4:44 pm · এন ই নাও নিউজ, গুৱাহাটী

ব্যক্তিগত জীৱনক লৈ চলি থকা তীব্ৰ বিতৰ্কৰ মাজতেই অৱশেষত মুখ খুলিছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰিকমে। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ নিজৰ পূৰ্বৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰি জনাইছে যে তেওঁৰ কোনো কথায়ে কাৰোবাৰ মনত আঘাত দিয়া বা সমাজত নেতিবাচক বাৰ্তা দিয়াৰ কোনো উদ্দেশ্য নাছিল।

১৮ বছৰৰ বিবাহিত জীৱনৰ অন্তত ২০২৩ চনৰ ডিচেম্বৰ মাহত স্বামী কাৰুণ অনলেৰৰ সৈতে মেৰিকমৰ আনুষ্ঠানিক বিচ্ছেদ ঘটিছিল যদিও শেহতীয়া এক সাক্ষাৎকাৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। সেই সাক্ষাৎকাৰত মেৰিকমে অভিযোগ কৰিছিল যে তেওঁৰ প্ৰাক্তন স্বামীয়ে কোনো উপাৰ্জন নকৰি কেৱল গলিয়ে গলিয়ে ফুটবল খেলি ফুৰে আৰু তেওঁৰ সম্পত্তি বন্ধকত দি ঋণ লৈ বৰ্তমান সকলো সম্পত্তি বাজেয়াপ্ত হোৱাৰ পৰ্যায়লৈ লৈ গৈছে।

মেৰিকমৰ এই মন্তব্যক লৈ বিশেষকৈ ফুটবলপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ স্পষ্ট কৰি দিয়ে যে ফুটবল খেলুৱৈ বা কোনো ক্ৰীড়াবিদৰ প্ৰতি তেওঁৰ কোনো বিদ্বেষ নাই। সুনীল ছেত্ৰী বা বাইচুং ভূটীয়াৰ দৰে তাৰকাক উদাহৰণ হিচাপে দি তেওঁ কয় যে তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে।

আনহাতে, মেৰিকমৰ এই অভিযোগৰ পাছতেই প্ৰাক্তন স্বামী অনলেৰেও তেওঁৰ বিৰুদ্ধে বিস্ফোৰক প্ৰতি-অভিযোগ উত্থাপন কৰিছে। অনলেৰৰ মতে, মেৰিকমে ২০১৩ চনৰ পৰা এগৰাকী জুনিয়ৰ বক্সাৰ আৰু ২০১৭ চনৰ পৰা নিজৰ একাডেমীৰে এজন কৰ্মীৰ সৈতে পৰকীয়া সম্পৰ্কত লিপ্ত আছিল। অনলেৰে এই সন্দৰ্ভত তথ্য-প্ৰমাণ থকা বুলিও দাবী কৰিছে। এনেদৰেই এতিয়া দেশৰ এগৰাকী কিংবদন্তি খেলুৱৈৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু অভিযোগ-প্ৰতিঅভিযোগে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Related News