NORTHEAST NOW (Assamese)

কিদৰে হ’ব চৰকাৰে ঘোষণা কৰা ১ লাখ পদত নিযুক্তি? জনালে বিত্তমন্ত্ৰী অজন্তা নেওগে

June 1, 2021 5:33 pm · কল্পজ্যোতি শইকীয়া

চৰকাৰে ইতিমধ্যে ঘোষণা কৰা ১ লাখ নিযুক্তি কিদৰে হ’ব সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ইয়াৰ এক বহল বাখ্যা আগবঢ়ায়।

তেওঁ কয়, ‘বিভাগসমূহে কেনেকুৱা ধৰণে পদসমূহ পূৰণ কৰিলে গতিশীলতা আহিব, তেনেকুৱাধৰণৰ কথাবিলাক চিন্তা কৰিব।‘

‘আমাৰ উদ্দেশ্য হৈছে ফলাফলৰ সৈতে চাকৰিৰ সৃষ্টি। যাতে যিসমূহ পদ পূৰণ কৰিলে প্ৰশাসনিক ব্যৱস্থাটোৱে এক নতুন গতি লাভ কৰে।‘ এইদৰে কয় বিত্তমন্ত্ৰীয়ে।

ইপিনে, এসপ্তাহৰ ভিতৰত বিভিন্ন বিভাগত খালী পদৰ সংখ্যা কিমান আছে তাৰ এক প্ৰতিবেদন বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিচৰা হৈছে বুলি নেওগে সদৰী কৰে।

আনহাতে, ‘বিভাগবিলাকে লক্ষ্য কৰিব কোনো পদৰ বাবে ইতিমধ্যে বাছনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে নে বা ৰিজাল্ট দিবলৈ বাকী আছে।‘ এই কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘সেইখিনিও এই ১ লাখ নিযুক্তিৰ ভিতৰতে অন্তৰ্ভুক্ত হ’ব। যি নিযুক্তিয়েই নিদিয়ক এই ১ লাখৰ ভিতৰতে নিযুক্তি দিব লাগিব।‘

এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কিছু দিনৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘বিভাগসমূহে পদ কিমান খালী আছে তাৰ প্ৰতিবেদন দিব, তাৰ পাছত পুনৰীক্ষণ হ’ব।‘

এই নিযুক্তি প্ৰক্ৰিয়াত কোনোধৰণৰ যাতে খেলি-মেলি নাথাকে আৰু সম্পূৰ্ণ নিকাকৈ যাতে নিযুক্তি দিব পাৰি তাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে জনায়।

এই নিযুক্তি প্ৰক্ৰিয়া যাতে দীঘলীয়া নহয় বা খৰতকীয়াকৈ কৰিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে।

Related News