NORTHEAST NOW (Assamese)
Uncategorized

বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো February 15, 2022 8:07 pm

বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীৰ দদৰা আৰক্ষী চকীত এজাহাৰ দাখিল।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ শুৱালকুছি মণ্ডলে দাখিল কৰিছে এজাহাৰ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ বিৰুদ্ধে এই এজাহাৰ।

উল্লেখ্য ৰাহুল গান্ধীৰ পিতৃ পৰিচয়কলৈ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লেখিকা শিখা শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য কৰিছিল।

এনে মন্তব্যৰ বাবেই অতি শীঘ্ৰে শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে শুৱালকুছি ভাৰতীয় জনতা যুৱ মৰ্চাই।