NORTHEAST NOW (Assamese)
অসম

যোৰহাট কাণ্ডক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 5, 2021 12:30 pm
FIR filed in Jorhat case

যোৰহাট কাণ্ডৰে জড়িত থকা অভিযুক্তসকলক লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে শনিবাৰে নিশা টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীয়ে।

উল্লেখযোগ্য যে নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ নেতৃত্বত যোৰহাট চহৰৰ মাজ মজিয়াত সংঘটিত হোৱা গণ প্ৰহাৰত অনিমেষ ভূঞাৰ মৃত্যু হোৱাৰ উপৰি আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ পাছতে একাংশ লোকে কৈবৰ্ত সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি বিৰূপ মন্তব্য প্ৰদান কৰি জনমানসত জাতিটোক অপমান কৰিছিল।

Also Read: Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

এই কাৰ্যত ক্ষুন্ন হৈ সদৌ অসমীয়া কৈবৰ্ত সন্মিলনীৰ সহকাৰী সচিব পলাশমণি দাস আৰু সমাজ কল্যাণ সচিব পংকজ দাসে টীয়ক আৰক্ষী থানাত প্ৰিন্সী চুতীয়া, গৌতম হাজৰিকা, প্ৰাগজ্যোতিষপুৰ অসম, নিলোৎপল বৰা, ৰাজীৱ পাণ্ডে ,পলাশ খাটনিয়াৰ আৰু ৰাজমনি বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

লগতে এনে মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱাসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।