NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত বলিউদৰ অভিনেত্ৰী শ্বাৱানা আজমী বৰ্তমান সুস্থ; এজাহাৰ দাখিল

January 19, 2020 10:37 am · এন ই নাও নিউজ

শনিবাৰে দুৰ্ঘটনাত পতিত হোৱা বলিউদৰ অভিনেত্ৰী শ্বাৱানা আজমীৰ স্বাস্থ্য বৰ্তমান সুস্থ হোৱা বুলি জানিব পৰা গৈছে। শনিবাৰে মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ কোহলপুৰৰ সমীপত দুৰ্ঘটনাত পতিত হৈছিল অভিনেত্ৰীগৰাকীৰ বাহন।

দুৰ্ঘটনাত পতিত শ্বাৱানা আজমীয়ে মূৰত, চকুত, ডিঙিত আৰু মুখ মণ্ডলত আঘাত পাইছে বুলি জানিব পৰা গৈছে। বৰ্তমান অভিনেত্ৰী গৰাকী মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ট

আনহাতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি শ্বাৱানা আজমীৰ বাহনৰ চালকৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

শ্বাৱানা আজমীৰ চালকজনক অমলেশ যোগেন্দ্ৰ কামাট বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে শ্বাৱানা আজমীৰ বাহনে খুন্দা মৰা ট্ৰাকখনৰ চালকে অমলেশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ট্ৰাকখনৰ চালকজনে এজাহাৰত উল্লেখ কৰা অনুসৰি অতি তীব্ৰ বেগত অভিনেত্ৰী গৰাকীৰ বাহনখনে ট্ৰাকখনত খুন্দা মাৰিছিল।

Related News