NORTHEAST NOW (Assamese)
অসম

স্কুলীয়া পৰিৱেশত ‘অশ্লীল’ গান! বিতৰ্কত গায়ক, বাদশাহৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 7, 2026 11:38 am

পুনৰ বিতৰ্কত সোমাই পৰিছে বাদশাহ। কেইবছৰমানৰ আগতে ‘বৰলোকেৰ বেটি’ গীতটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল বাদশাহ। এইবাৰ ৰেপ গায়কগৰাকীৰ নতুন গীত ‘টোটিৰি’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। গীতটোৰ কথাত অশ্লীলতা আৰু মিউজিক ভিডিঅ’টোত স্কুলীয়া পৰিৱেশ দেখুওৱাৰ অভিযোগত বাদশাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে।

১ মাৰ্চত মুক্তি লাভ কৰে হাৰিয়ানী ভাষাৰ ‘টোটিৰি’ গীতটি। এই গীতটোৰ কিছু শাৰী অতি অশ্লীল আৰু নৱ প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছে অভিযোগকাৰীয়ে। বিশেষকৈ কিশোৰ-কিশোৰীসকলে এনে গীত শুনি বা ভিডিঅ’ চাই সহজেই প্ৰভাৱিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। তেওঁলোকৰ মতে জনপ্ৰিয় শিল্পীসকলে এনে বিষয়বস্তু সৃষ্টি কৰিব নালাগে যাৰ ফলত সমাজত নেতিবাচক প্ৰভাৱ পৰে।

কেৱল গীতটোৰ কথাই নহয়, মিউজিক ভিডিঅ’টোৰ ওপৰতো আপত্তি কৰা হৈছে। অভিযোগ অনুসৰি ভিডিঅ’টোৰ কিছু দৃশ্য স্কুলৰ পৰিৱেশত নিৰ্মাণ কৰা হৈছে আৰু তাত স্কুলৰ ইউনিফৰ্মৰ দৰে সাজ দেখা গৈছে। সমালোচকসকলৰ মতে এনে গীতেৰে বিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ পৰিবেশ দেখুওৱাটো উচিত নহয়। ইয়াৰ ফলত শৈক্ষিক পৰিৱেশৰ মৰ্যাদাৰ ক্ষতি হ’ব পাৰে বুলিও দাবী কৰা হৈছে।

এই অভিযোগৰ ভিত্তিতে হাৰিয়ানা মহিলা আয়োগে বাদশাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। অভিযোগত উল্লেখ আছে যে গীতটোৱে অশ্লীলতা বিয়পাইছে আৰু জনসমাজৰ বাবে আপত্তিজনক। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইপিনে, গীতটো মুক্তি পোৱাৰ পিছৰে পৰা ইণ্টাৰনেটত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহুতে কৈছে যে গীতটোৰ ভাষা আৰু ভিডিঅ’টোৰ উপস্থাপনে সীমা অতিক্ৰম কৰিছে। আনহাতে, বাদশাহৰ অনুৰাগীৰ এটা অংশই অনুভৱ কৰে যে এইটো এটা সাধাৰণ মনোৰঞ্জনমূলক ৰেপ গীত আৰু ইয়াক লৈ ইমান বিতৰ্কৰ প্ৰয়োজন নাই।

মন কৰিবলগীয়া যে আধুনিক ৰেপ আৰু পপ গীতত সাহসী ভাষা বা বিতৰ্কিত উপস্থাপন নতুন কথা নহয়। অৱশ্যে বহুতৰ মতে জনপ্ৰিয় শিল্পীসকলৰ দায়িত্বও বেছি। কাৰণ তেওঁলোকৰ গান কোটি কোটি মানুহে, বিশেষকৈ যুৱক-যুৱতীসকলে শুনে। এই মুহূৰ্তত বাদশাহৰ গীতটোক লৈ হোৱা এই বিতৰ্ক সংগীত জগতত চৰ্চাৰ এক ডাঙৰ বিষয় হৈ পৰিছে।