NORTHEAST NOW (Assamese)
অসম

লাহৰীঘাটত ভয়ানক অগ্নিকাণ্ড,নগদ ধনসহ বহু সম্পত্তি ধ্বংস

Posted by: চানু গগৈ Updated by: চানু গগৈ December 23, 2020 5:17 pm
a lhaori

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত  দক্ষিণ ছেনিমাৰী গাৱঁত আজি দিনৰ ১.৩০বজাত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডৰ ঘটনাত  দক্ষিণ ছেনিমাৰী গাৱঁৰ মুস্তফা আহমেদ,নিজাম উদ্দিন,আক্কাচ আলী,নাজমুল হক,জুবাইৰ আহামেদ আৰু আৰিফ আহমেদৰ ঘৰ সৰ্ম্পুন ৰূপে জুইত জাহ যোৱাৰ উপৰি নগত ২ লাখ টকাও জুইয়ে ভস্মীভূত কৰে ।

ইফালে,এই অগ্নিকাণ্ডৰ সঠিক কাৰণএতিয়ালৈকে জানিব পৰা নাই।

,লাহৰীঘাটত এটি অগ্নিনিৰ্ৱাপক কেন্দ্ৰ এটা শীঘ্ৰে স্থাপন কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসন তথা চৰকাৰলৈ লাহৰীঘাটবাসীয়ে দাবী জনাইছে।

লাহৰীঘাটত প্ৰায়ে এনে অঘটন সংঘটিত হৈ আহিছ্‌  যদিও প্ৰশাসনে এই বিষয়ত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে।