NORTHEAST NOW (Assamese)
দেশ

কলকাতাত চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত ভয়াৱহ অগ্নিকাণ্ড: ভস্মীভূত মূল্যৱান যন্ত্ৰ-পাতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2022 10:37 am
Fire Breaks Out At Hospital In Kolkata

বৃহস্পতিবাৰে নিশা কলকাতাৰ এখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। কলকাতাৰ ভৱনীপুৰস্থিত এছএছকেএম চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত এই অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসালয়খনৰ দ্বিতীয় মহলাত থকা জৰুৰীকালীন বিভাগৰ চিটি স্কেন ৱাৰ্ডত হঠাতে জুইৰ সূত্ৰপাত হয়। নিশা প্ৰায় ১০ বজাত এই জুই প্ৰত্যক্ষ কৰে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে।

লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে আৰু খবৰ লাভ কৰাৰ কিছু সময় পিছতে অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জুইয়ে চিকিৎসালয়খনত সৃষ্টি কৰিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নখন অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কিছুসময়ৰ ভিতৰতে জুই নিৰ্বাপিত কৰা হয় বুলি আৰক্ষীয়ে লগতে কয়।

ইফালে চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা মতে, জুই লগা ভৱনটোত কোনো ৰোগী বা চিকিৎসালয়ৰ কোনো কৰ্মচাৰী আবদ্ধ হোৱা নাই। অগ্নিকাণ্ডত অৱশ্যে এটা চিটি স্কেন মেচিন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, চিটি স্কেন কোঠাত সংঘটিত জুই কেইমিনিটমানৰ ভিতৰতে এক্স-ৰে কোঠালৈ বিয়পি পৰে। আৰক্ষীয়ে এটা স্কেনিং মেচিনৰ পৰা জুইৰ উৎপত্তি হয় বুলি সন্দেহ কৰিছে।

এই অগ্নিকাণ্ডৰ বিষয়ে সম্প্ৰচাৰিত হোৱাৰ পিছতে স্থানীয় মেয়ৰ ফিৰহাদ হাকিম আৰু ৰাজ্যিক শক্তি, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অৰূপ বিশ্বাসে ঘটনাস্থলী পৰিদৰ্শন কৰে।