NORTHEAST NOW (Assamese)
অসম

উত্তৰ-প্ৰদেশৰ মিৰ্জাপুৰত কামাখ্যা এক্সপ্ৰেছত ভয়াৱহ অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2019 7:48 pm
D6HBPe8XoAAjK1Y_r1BbA95

উত্তৰ-প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ কাইলাহাট গাঁৱত আজি দুপৰীয়া চলন্ত অৱস্থাত কামাখ্যা এক্সপ্ৰেছত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লগাড়ীখনৰ ইঞ্জিনত সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ ফলত কোনোধৰণৰ লোক হতাহত হোৱা নাই।

আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত ৰে’লখনৰ ইঞ্জিন আৰু পাৰ্চেল কোচ্চ কেইটাক চালক আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী সকলে বেলেগ কৰি দিয়ে।

ঘটনাৰ বিবৰণী মতে, যাত্ৰীবাহী কামাখ্যা এক্সপ্ৰেছ ৰে’লগাড়ীখন উত্তৰ-প্ৰদেশ মিৰ্জাপুৰ জিলা পোৱাৰ সময়ত ইঞ্জিনত হঠাৎ জুই লাগে। জুইৰ ধোৱা দেখি ৰে’লগাড়ীখনত থকা যাত্ৰীসকলৰ মাজত হুৱা-দূৱা লাগে যদিও ৰে’লৰ কৰ্মচাৰীসকলে সুন্দৰকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে, কামাখ্যা এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত হাওৰা-দিল্লী ৰে’ল যোগাযোগ ব্যৱস্থা বহু সময় ধৰি ব্যাহত হৈ পৰে। কামাখ্যা এক্সপ্ৰেছত অসমৰো বহু সংখ্যক যাত্ৰীয়ে ভ্ৰমণ কৰিছিল।

এতিয়ালৈ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কাৰিকৰী বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।