NORTHEAST NOW (Assamese)
অসম

সংসদ ভৱন সংলগ্ন অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 9:20 am
Fire-2

সোমবাৰে পুৱাই সংসদ ভৱন চৌহদত সংঘটিত হয় এক বিধ্বসী অগ্নিকাণ্ডৰ ঘটনা।

সংসদ ভৱন সংলগ্ন এটা বহু মহলীয়া অট্টালিকাৰ ষষ্ঠ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ লগে লগে সমগ্ৰ অঞ্চলটোত ত্ৰাস বিয়পি পৰে।

দিল্লী প্ৰশাসনৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অট্টালিকাটোৰ ষষ্ঠ মহলাত জুই লগাৰ খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ী ঘটনাস্থলীলৈ ৰাওনা হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে এতিয়াও একো কথা জানিব পৰা হোৱা নাই।সংসদ ভৱনত প্ৰায়ে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ কথাই বহুতকে ভৱাই তুলিছে।