NORTHEAST NOW (Assamese)
অসম

জুই বিচাৰি হাহাকাৰ গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ!

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া January 31, 2019 6:49 pm
fire brigade golaghat

আচৰিত নহ’ব। বৃহস্পতিবাৰে গোলাঘাট নগৰত সঁচাকৈয়ে জুই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল।

এক ভুৱা ফ’ন কলৰ চিকাৰ হৈ দিনৰ প্ৰায় ১১ বজাৰ পৰা এঘণ্টা সময় জুইলগা স্থান বিচাৰি সমগ্ৰ নগৰখন বজাই চলাথ কৰে জৰুৰীকালীন বিভাগটোৰ কেইবাখনো গাড়ী।

দীঘলীয়া সময় ধৰি যেনিয়ে তেনিয়ে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চাইৰেন বজাই ঘূৰি ফুৰাত নগৰখনত আতংকৰ সৃষ্টি হয়।

জানিব পৰা মতে পুৱা প্ৰায় ১০.৩০বজাত বাহিনীৰ কাৰ্য্যালয়লৈ এক ফ’ন আহে আৰু এজন অজ্ঞাত লোকে নগৰৰ মাজমজিয়াত থকা শৰ্মা গেছ এ’জেঞ্চিৰ কাষতে জুই লগা বুলি কয়। লগে লগে বাহিনীৰ লোকসকল তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ বুলি ৰাওনা হয়। গেছ এ’জেঞ্চিৰ কাষতে জুই লগা বুলি কোৱাত দ্ৰুতগতিত জুই বিয়পি পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰো আশংকা কৰিছিল বাহিনীটোৱে।

কিন্তু নিৰ্দিষ্ট গেছ এ’জেঞ্চিটোৰ উপৰি আন এ’জেঞ্চিসমূহ ঘূৰিও জুইৰ কোনো উৎস বিচাৰি নোপোৱাত বাহিনীটো ভুৱা ফ’ন কলৰ চিকাৰ হোৱা কথা পোহৰলৈ আহে।

ইয়াৰ পূৰ্বেও অনুৰূপ এক ঘটনা সংঘটিত হৈছিল বাহিনীটো। যাৰ বাবে তেওঁলোকে এতিয়া ফ’ন কৰা ব্যক্তিৰ বিৰুদ্ধে এতিয়া আৰক্ষীৰ কাষ চাপিছে।