NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত February 18, 2022 6:09 pm

ফাগুনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বলিবলৈ লোৱা পচোৱা বতাহৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি জ্বলোৱাৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়া আৰম্ভ হয় ৷

চলিত বৰ্ষতো ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰ্বাচিত ঘাঁহনিত জুই লগোৱাৰ কাম আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

ঘাঁহনিত জুই লগোৱাতো কাজিৰঙাৰ পৰিচালনা ব্যৱস্থাৰ এক বাৰ্ষিক প্ৰক্ৰিয়া ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ লগতে হাতী, ম’হ, বিভিন্ন প্ৰজাতিৰ হৰিণকে ধৰি বহু তৃণভোজীপ্ৰাণী আছে ৷ আৰু এই তৃণভোজী প্ৰাণীৰ ওপৰতে নিৰ্ভৰ কৰি মাংসভোজী প্ৰাণীবোৰ জীয়াই আছে৷ তৃণভোজী আৰু মাংসাহাৰী প্ৰাণীৰ সমতাৰ বাবে আৰু তৃণভোজী প্ৰাণীৰ পৰ্যাপ্ত খাদ্যৰ বাবেই কাজিৰঙাত প্ৰতি বছৰে ঘাঁহনি জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷

ছাৰ্ভে অৱ ইণ্ডিয়াৰ ভেজিটেচন মেপিঙৰ তথ্যত প্ৰকাশ পোৱা মতে দেশৰ বেছি ভাগ ঘাঁহনি অঞ্চল কাঠনিলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে৷

কাজিৰঙাৰ ঘাঁহনিবোৰ যাতে শিমলু, ভেলকৰ, এজাৰ আদি দ্ৰুত প্ৰসাৰিত উদ্ভিদে গ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি হাতত লোৱা এলানি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰৰে অন্যতম এক ব্যৱস্থা হ’ল ঘাঁহনি জ্বলোৱা প্ৰক্ৰিয়া ৷ ফাগুনত ঘাঁহনি জ্বলোৱাৰ পিচত নতুনকৈ আৰ্ভ হ’বলগীয়া বৰষুণত ক্ৰমান্বয়ে গজি উঠা ঘাঁহৰ গঁজালিবোৰে তৃণভোজী প্ৰাণীৰ বাবে পৰ্যাপ্ত খাদ্যৰ যোগান ধৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত জুই লগোৱাৰ আগতে উদ্যান কৰ্তৃপক্ষই অগ্ৰাধিকাৰ ভিত্তিত ঘাঁহনি নিৰ্বাচন কৰাৰ লগতে প্ৰতিটো ৰেঞ্জতে জুই লগোৱাৰ দিনপঞ্জীও প্ৰস্তুত কৰে৷

ৰাষ্ট্ৰীয় উদ্যান খনৰ মিহিমুখ আৰু দেৱেশ্বৰীৰ দৰে বিৰল প্ৰজাতিৰ উলুম’ৰা চৰাইৰ গুৰুত্বপুৰ্ণ আৱাসস্থলত জানুৱাৰী মাহত উলুম’ৰা চৰায়ে কণী পাৰি পোৱালি জগায়। সেয়ে এই বিষয়ত সকলো কথা নিশ্চিত কৰিহে জুই জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷

জুই জ্বলোৱাৰ পিচত ঘাঁহনি সমূহৰ জৈৱতন্ত্ৰৰ ওপৰত পৰিব পৰা নেতিবাচক দিশ সমূহো প্ৰতি বছৰে পৰ্যালোচনা কৰা হয় ৷

প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙাৰ ঘাঁহনিত জুই লগোৱাৰ কাম আৰম্ভ কৰা হৈছে ৷ জুই লগোৱাৰ সময়ত বন্যপ্ৰাণীৰ উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকক সতৰ্ক হবলৈও কোৱা হৈছে ৷ ঘাঁহনিত জুই দিয়াৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্যানৰ বাহিৰলৈ গঁড় আদি ওলাই যোৱাৰ সম্ভাৱনাৰ বাবেও সজাগ থাকিব লগা হয় বনকৰ্মী সকল ৷