NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ প্ৰাকক্ষণত হাজোত গুলীচালনা, সংকটজনক অৱস্থাত দুজনক জিএমচিএইছলৈ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা March 14, 2021 9:02 pm
a amit

নিৰ্বাচনৰ প্ৰাকক্ষণত হাজোৰ বুল্লুটত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

বুল্লুটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দাবী কৰা ধন নিবলৈ আহি ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে  আজি সন্ধিয়া গুলিচালনা কৰে।

ৰাইফুল আলী নামৰ এজন ব্যৱসায়ীক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে।

জানিব পৰা মতে পূৰ্বে দাবী কৰা  ধন নোপোৱাত দুৰ্বৃত্তৰ দলটোৱে পিষ্টলেৰে গুলীয়াই হত্যাৰ চেষ্টা চলালে ৰাইফুলক।ফলত গুৰুতৰ ভাবে আহত হয় ব্যৱসায়ীগৰাকী।

তাৰপাছতেই স্থানীয় লোকে দুৰ্বৃত্তৰ দলটোৰ চামচুল হক নামৰ  এজনক ঘটনাস্থলীতেই আটক কৰি উপৰ্যুপৰি দাৰে ঘপিয়ায় ।

ইতিমধ্যে হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাত প্ৰাপ্ত দুয়োগৰাকীকে অতি সংকট জনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে।

এই ঘটনাৰ পাছতেই  সমগ্ৰ বুল্লুট অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।