NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ অনুমতি অবিহনেই কোম্পানীয়ে নিয়োগ তথা অপসাৰণ কৰিব পাৰিব কৰ্মচাৰীক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2020 11:45 am
collage-232-1024x559

চৰকাৰৰ আগতীয়া অনুমতিৰ প্ৰয়োজন নহ’ব। নিজৰ ইচ্ছা মতে কোম্পানীসমূহে নিয়োগ তথা চাকৰিৰ পৰা অপসাৰণো কৰিব পাৰিব।

একমাত্ৰ ৩০০তকৈ কম কৰ্মচাৰী থকা কোম্পানীসমূহকহে এই অনুমতি দিয়া হ’ব। শনিবাৰে লোকসভাত দাখিল কৰা এখন বিধেয়কত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰ্যালয়ে এই প্ৰস্তাৱ আগবঢ়াইছে।

সাধাৰণতে, যিবোৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মচাৰীৰ সংখ্যা ১০০তকৈ কম, তেওঁলোকে চৰকাৰৰ অনুমতি অবিহনেই কৰ্মচাৰী নিয়োগ তথা অপসাৰণ কৰিব পাৰে।

চৰকাৰৰ এই নতুন প্ৰস্তাৱটো ‘ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড বিল২০২০’ৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিধেয়কখন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগোৱাৰে সদনত উত্থাপন কৰে।

এই বিধেয়কখন যোৱা বছৰেই লোকসভাত উত্থাপন কৰা হৈছিল। তাৰ পাছত শ্ৰম বিষয়ক সংসদীয় স্থায়ী সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল।

আলোচনাৰ বাবে শ্ৰম মন্ত্ৰ্যালয়ৰ পৰা মুকলি কৰি দিয়া বিধেয়কৰ খচৰাতো নতুন নিয়ম আছিল। কিন্তু বিভিন্ন শ্ৰমিক সংগঠনৰ বিৰোধিতাৰ ফলত নিয়মটো ২০১৯ৰ বিধেয়কত ৰখা হোৱা নাছিল।

এই বছৰ পুনৰ চৰকাৰৰ অনুমতি অবিহনেই ৩০০ৰ কম কৰ্মচাৰী থকা কোম্পানীসমূহৰ খৰচ হ্ৰাস কৰাৰ বাবে সংসদীয় সমিতিয়ে অপসাৰণ বা সেইবোৰ বন্ধ কৰি দিয়াৰ অনুমতি দিছিল।

বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পাছত ইয়াৰ বিৰোধিতাত সৰৱ হৈ পৰিছে কংগ্ৰেছকে ধৰি একাধিক বিৰোধী দল।