NORTHEAST NOW (Assamese)
অসম

SI ৰ প্ৰশ্নকাকত ফাদিল: বিজেপিৰ নেতা – কাৰ্যকৰ্তাক প্ৰথমে গ্ৰেপ্তাৰ কৰক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 24, 2020 4:39 pm
SI ৰ প্ৰশ্নকাকত ফাদিল: বিজেপিৰ নেতা – কাৰ্যকৰ্তাক প্ৰথমে গ্ৰেপ্তাৰ কৰক

যোৱা ২১ ছেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল এই পৰীক্ষা।

তাৰ পাছতে ইয়াকে লৈ চৌদিশে প্ৰতিক্ৰিয়া অৱ্যাহত আছে। বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদো কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি ব্যৱস্থা লৈছে তাত আমি সন্তোষ প্ৰকাশ কৰিছো। আৰক্ষী তথা গৃহ বিভাগক আহ্বান জনাইছো এই প্ৰশ্নকাকত ফাদিলৰ সৈতে যিসকল  জৰিত সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, এই কাৰ্যত কোনোবা যদি বিজেপিৰ কাৰ্য্যকৰ্তা জৰিত থাকে তেওঁকহে প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

তেওঁ কয় ‘যদি বিজেপিৰ কোনো কাৰ্য্যকৰ্তা এই কাৰ্য্যৰ সৈতে জৰিত আছে তেওঁলোকক আগতীয়াকৈ গ্ৰেপ্তাৰ কৰিব লাগে। বাকীখিনিক পাছত গ্ৰেপ্তাৰ কৰি থাকক। ভাৰতীয় জনতা পাৰ্টীৰ দুই-এজন ব্যক্তিৰ নাম আহিছে। যদি সঁচাকৈ তেওঁলোক জগৰীয়া হয় তেন্তে আগতীয়াকৈ গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে গৃহ বিভাগক আহ্বান জনাইছো।‘

উল্লেখযোগ্য যে, বিজেপিৰ নেতা দিবন ডেকাৰ নাম সাঙোৰ খাইছে এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে। কালি তেওঁক চিআইডিয়ে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে।

একোখন প্ৰশ্নকাকতৰ নামত এক লাখ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা দিবন ডেকাৰ বিৰুদ্ধে। প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।