NORTHEAST NOW (Assamese)
অসম

অসমৰ প্ৰথম মহিলা চিটি বাছ চালক দিপালী ৰাজখোৱাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ April 12, 2019 10:35 am
dipali Rajkhowa first Assamese lady City bus driver

অসমৰ প্ৰথম মহিলা চিটি বাছ চালক দিপালী ৰাজখোৱাৰ বৃহস্পতিবাৰে নিশা ১১.৪৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত দেহৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।  ৰাজখোৱা দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

উল্লেখযোগ্য যে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত সমাজত বিশেষ ভূমিকা পালন কৰা দিপালী ৰাজখোৱাই উপদেশতকৈ আৰ্হি ভালৰ উদাহৰণ দাঙি ধৰি ১৯৮৯ চনতে নিজে চিটি বাছ ক্ৰয় কৰি গুৱাহাটীত চলোৱা আৰম্ভ কৰিছিল। সেই সময়ত এগৰাকী মহিলা হৈ মহানগৰীত নিজে চিটি বাছ চলাই স্বাৱলম্বী হোৱাৰ লগতে মহিলাৰ সমতাৰ অধিকাৰকো আৰু এখোজ আগুৱাই লৈ গৈছিল।

প্ৰয়াত ৰাজখোৱা এগৰাকী উদ্যমী সমাজকৰ্মী হোৱাৰ লগতে অসমীয়া চলচিত্ৰ জগতৰ লগতো জড়িত আছিল। জনপ্ৰিয় অসমীয়া কথাছবি ‘প্ৰিয়া অ’ প্ৰিয়া’, বিস্ফোৰণ, সপোন আদিৰ দৰে ছবিত অভিনয় কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিছিল তেঁও। অভিনয়ৰ সমান্তৰাল ভাবে ৰাজনীতিৰ লগতো জড়িত আছিল দিপালী ৰাজখোৱা।

অসমৰ প্ৰথম মহিলা চিটি বাছ চালকগৰাকীৰ মৃত্যুত বিভিন্নজনে গভীৰ শোকপ্ৰকাশ কৰিছে। আজি বিশিষ্ট সমাজ কৰ্মীগৰাকীৰ নশ্বৰ দেহ শেষকৃত্য সম্পন্ন কৰাৰ বাবে জামুগুৰিহাটৰ নিজ বাসগৃহলৈ লৈ যোৱা হ’ব।