ভাৰতত পোহৰলৈ আহিল মাতৃৰ পৰা নৱজাতকলৈ কোভিড-১৯ সংক্ৰমণৰ প্ৰথমটো ঘটনা

কোভিড-১৯ত আক্ৰান্ত গৰ্ভৱতী মাতৃৰ গৰ্ভত থকা ভ্ৰুণ এই মাৰাত্মক ৰোগত সংক্ৰমিত হয় নে নহয় তাকে লৈ বিস্বৰ বিজ্ঞানী সকলে সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল।
শেহতীয়াকৈ ভাৰতত প্ৰমাণ হৈছে যে কোভিড আক্ৰান্ত মাতৃৰ দেহৰ পৰা গৰ্ভত থকা ভ্ৰুণলৈ ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত হ’ব পাৰে।
মহাৰাষ্ট্ৰৰ পুনেৰ ছাচুন জেনেৰেল হাস্পতালত শেহতীয়াকৈ এগৰাকী কোভিড আক্ৰান্ত মহিলাই প্ৰসৱ কৰা কন্যা সন্তানটি কোডত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।
চিকিৎসালয় খনৰ স্ত্ৰী ৰোগ বিভাগৰ চিকিৎসক ডা. আৰতি কিনিকৰে প্ৰকাশ কৰা মতে কিছুদিন পূৰ্বে চিকিৎসালয় খনত ভৰ্তি কৰোৱা গৰ্ভৱতী মহিলা গৰাকী কোভিডত আক্ৰান্ত হৈছিল।
তেওঁ প্ৰসৱ কৰা কন্যা শিশুটিৰ স্বাৱ পৰীক্ষা কৰাৰ অন্তত নৱজাতক টি কোভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে।
জন্মৰ পিছতে শিশুটি জ্বৰত আক্ৰান্ত হয় আৰু তাৰ পিছতেই নৱজাতকটিৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱা হয়।
মহিলা গৰাকীৰ প্লেছেন্টাতো ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে বুলি তেওঁ প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ টেক্সাছৰ ছাউথ ৱেষ্টাৰ্ণ মেডিকেল চেন্টাৰত এগৰাকী কোভিড আক্ৰান্ত মহিলাই জন্ম দিয়া কন্যা শিশু এটি কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।
ভাৰতত অৱশ্যে পুনেৰ ঘটনাটোৱেই প্ৰথম ঘটনা।