NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মঙলবাৰে শুভাৰম্ভ হ’ল উত্তৰ-পূবৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’

Posted by: চভাপতি চামম October 25, 2018 10:28 am
ne-olympic

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভণি হয় প্ৰথম সংখ্যক ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ ।

মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিছে। ২৪-২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১২টা ইভেণ্ট থাকিব। ইভেন্টসমূহ হ’ল এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিছ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

প্ৰতিযোগিতাখনত অসমৰ সৰ্বাধিক ২৫৩গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে আটাইতকৈ কম খেলুৱৈ প্ৰেৰণ কৰা দল হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ ১৫১গৰাকী খেলুৱৈৰ বিপৰীতে আয়োজক মণিপুৰৰ ২৪৫গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে।

বুধবাৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙ উপস্থিত থাকে। অনুষ্ঠানত তেওঁ কয় যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উত্তৰ-পূবৰ খেলুৱৈৰ সাফল্য আমাৰ বাবে গৌৰৱৰ বিষয়। প্ৰথম বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখনেও আগন্তুক দিনত আমাৰ আঠখন ৰাজ্যৰ খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব।

ne-olympic
ফটো : নৰ্থ-ইষ্ট নাও

মুখ্য মন্ত্ৰী সিঙে লগতে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত এক নিজাববীয়া পৰিচয় থকা বুলি উল্লেখ কৰি কয় যে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ যুৱ প্ৰজন্মৰ বাবে এয়া সুৱৰ্ণ সুযোগ।

ইফালে মণিপুৰ অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰাধেশ্যামে নিজৰ ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াৰ জৰিয়তে সমাজত শান্তি-সম্প্ৰীতি বজাই ৰাখিব পাৰি সেয়ে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ জৰিয়তে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈসকলে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সুযোগ পাব বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

আনহাতে কালিৰ এই উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী লেটপাও হাওকিপ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্থকুমাৰ সিঙৰ উপৰি বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।