NORTHEAST NOW (Assamese)
Popular Stories

বৰষুণৰ বাবে বাতিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া; ষ্টেডিয়ামত দৰ্শক অবিহনে অনুষ্ঠিত হ’ব দ্বিতীয় আৰু তৃতীয় এদিনীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 7:08 pm
Dharam Shala

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ ধৰমশলাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া এটাও বল নপৰাকৈ আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়।

আজি দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া খেলখনত বৰষুণে বিধি-পথালি দিব বুলি পূৰ্বৰে পৰা অনুমান কৰা হৈছিল।

আজি খেল আৰম্ভ হোৱাৰ পূৰ্বে পুনৰ বৰষুণ আৰম্ভ হয় আৰু কিছু সময় পাছত বৰষুণ এৰে যদিও সেমেকা খেলপথাৰৰ বাবে মেচ ৰেফাৰীয়ে খেল বাতিল কৰিবলগীয়া হয়।

গ্ৰাউণ্ডছমেন সকলে খেলখন অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰত জমা হোৱা পানী আঁতৰাই খেলৰ বাবে উপযোগী কৰি তোলাৰ চেষ্টা কৰিলেও সেই চেষ্টা ব্যৰ্থ হয়।

উল্লেখযোগ্য যে, ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব।

শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় খেল দুখন ক্ৰমে লক্ষ্ণৌ আৰু কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব যদিও কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত ষ্টেডিয়ামত দৰ্শকৰ অবিহনে খেল অনুষ্ঠিত কৰা হ’ব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।