NORTHEAST NOW (Assamese)

আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰিত উন্মেচিত হ’ব বিটিএডিৰ প্ৰথমটো তাৰকাগৃহ

November 22, 2018 4:07 pm · এন ই নাও নিউজ

কোকৰাঝাৰত নিৰ্মীয়মান অৱস্থাত থকা বিটিএডিৰ প্ৰথমটো তাৰকাগৃহ আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰিৰ ১০ তাৰিখে উদ্বোধন কৰা হ’ব। বড়োলেণ্ড দিৱসৰ দিনা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই তাৰকাগৃহটো উদ্বোধন কৰিব।

কোকৰাঝাৰৰ পুলিচ ৰিজাৰ্ভৰ কাষত তিতাগুৰি পাৰ্ট-২ত বিটিএডি প্ৰশাসনে এই তাৰকাগৃহটো নিৰ্মাণ কৰি আছে। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ২০০৯ চনত প্ৰতিষ্ঠা কৰিছিল। বিটিএডিৰ শিশু আৰু যুৱচামক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান লাভ কৰাৰ বাবে উদগণি দিয়াৰ উদ্দেশ্যেৰে এই তাৰকাগৃহটো প্ৰতিষ্ঠা কৰা হৈছে।

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ ড০ জয়দীপ বৰুৱা, গুৱাহাটীৰ থানাপাৰাস্থ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বসুদেৱ মণ্ডল আৰু বিটিচিৰ কাৰ্যবাহী সদস্য লামস্ৰাও দৈমাৰীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। দৈমাৰীয়ে আৰু প্ৰকাশ কৰিছে যে নিৰ্মাণৰ অধিকাংশ কামেই সমাপ্ত হৈছে বাকীখিনি কাম ডিচেম্বৰৰ আশে পাশে সমাপ্ত হ’ব। তেওঁ আশা প্ৰকাশ কৰে যে যুৱচামৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ধাৰণাৰ বাবে এই তাৰকাগৃহটো সঠিক স্থান হ’ব।

Related News