NORTHEAST NOW (Assamese)
অসম

চাওক Video|| ছাগলী মাংসৰ ঠাইত মাছ বেচি আছে গুৱাহাটীত!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 24, 2018 8:34 pm
fish replaces mutton in guwahati

পৌৰ নিগমৰ বিৰুদ্ধে উপদ্ৰৱৰ অভিযোগ তুলি ছাগলী মাংসৰ সলনি পেটৰ তাড়নাত মাছৰ ব্যৱসায়ত ধৰিবলৈ বাধ্য হৈছে গুৱাহাটীৰ মাংস বিক্ৰেতাই।

দিন হাজিৰা উলিয়াবলৈ উলুবাৰী বজাৰৰ কবিৰ আলীয়ে মাছ বেচাৰ ছয়মাইলকে ধৰি গুৱাহাটীৰ কেইবাখনো বজাৰত ২৫ জন বিক্ৰেতাই শাক-পাচলি আৰু মুৰ্গী বেচাত ইতিমধ্যে নিজকে নিয়োজিত কৰিছে।

‘‘আমি বন্ধ কৰিয়ে ৰাখিছো দোকানসমূহ। কিছুমানে বেলেগ ব্যৱসায়ত নামিছে। বেচেৰাহঁতে কেইদিন দোকান বন্ধ ৰাখিব? নিজৰ জীৱিকাটো চলাব লাগিব লগতে পৰিয়ালো পোহপাল দিব লাগিব,” নৰ্থ ইষ্ট নাও-ক জনালে সংগঠনটোৰ সাধাৰণ সম্পাদক মকবুল আহমেদে।

পৌৰ নিগমে ছাগলী মাংসৰ ব্যৱসায়ত কি কৰিছে জানিবলৈ ক্লিক কৰক।

আনহাতে পৌৰ নিগমৰ নিৰ্দেশনা “মানি লোৱাৰ আমাৰ ক্ষমতাই নাই’‘ বুলিও মন্তব্য কৰিছে আহমেদে।

পৌৰ নিগমৰ সিদ্ধান্ত সলনি নোহোৱা পৰ্য্যন্ত ছাগলী মাংস বিক্ৰী নকৰাৰ স্থিতিত অটল থাকিব বুলি ঘোষণা কৰি যোৱা ১৫ অক্টোবৰৰ পৰা ছাগলী মাংসৰ দোকানসমূহ বন্ধ ৰাখিছে ব্যৱসায়ীসকলে।