NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত হঠাতে মাছ কিনিবলৈ গ্ৰাহকৰ হেতা-ওপৰা, কিন্তু কিয়?

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম May 28, 2021 3:32 pm
boo

বিশ্বনাথ নগৰত গ্ৰাহকৰ হেতা-ওপৰা মাছ কিনিবলৈ।কাৰণ বিশ্বনাথত বিক্ৰী কৰা হৈছে পানীৰ মূল্যত মাছ।

কিন্তু কিয় পানীৰ দৰত বিশ্বনাথত বিক্ৰী কৰা হৈছে মাছ জানেনে?
আচলতে নগাঁৱৰ পৰা মাছ বেপাৰীয়ে বিশ্বনাথৰ বজাৰত প্ৰায়ে মাছ বিকিবলৈ আনে।

কিন্তু আজি নগাঁৱৰ মাছ বেপাৰীৰ কপাল বেয়া আছিল।পুৱা নগাঁৱৰ পৰা মাছ লৈ আহিছিল যদিও বাটত গাড়ী বেয়া হোৱাৰ ফলত মাছ বেপাৰী বিশ্বনাথত উপস্থিত হওঁতে পলম হয়।
ইফালে ১১ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগত বিশ্বনাথতো SOP ৰ অধীনত দোকান পোহাৰ বন্ধৰ নিৰ্দেশনা জাৰি হৈ আছে।

যাৰ বাবে মাছ বেপাৰীয়ে বিশ্বনাথ নগৰত প্ৰৱেশ কৰিয়েই এঘাৰ বজাৰ পূৰ্বে মাছবোৰ পানীৰ দৰত বিক্ৰী কৰিছে,কাৰোবাক আকৌ ফ্ৰীতে দিছে।

মাছ বোৰ বেয়া হোৱাতকৈ বা পেলাই দিয়াতকৈ বেপাৰীয়ে যি দাম পায় সেই দামতে বিক্ৰী কৰি শেষ কৰিছে মাছ বোৰ।

যাৰ বাবে বিশ্বনাথ নগৰত আজি পানীৰ দৰত বিক্ৰী হৈছে মাছ।। কিন্তু মাছ বেপাৰীৰ নগাঁৱৰ পৰা বিশ্বনাথলৈকে মাছ লৈ অনা গাড়ীৰ তেল খৰছ পৰ্যন্ত নাপালে।

তথাপি কিন্তু মাছ বেপাৰীৰ আক্ষেপ নাই।কাৰণ মাছবোৰ পেলাই দিয়াতকৈ ৰাইজেই খাওঁক।