NORTHEAST NOW (Assamese)
অসম

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 5, 2025 8:43 am
লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৫ বাংলাদেশী নাগৰিকক। আটাইকেইজনেই অনুপ্ৰৱেশকাৰী বুলি অভিযোগ উঠিছে। বাংলাদেশী নাগৰিককেইজনে জোৰ কৰি লালকিল্লাত প্ৰৱেশৰ চেষ্টা চলাইছিল। এই অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি দিল্লী আৰক্ষীয়ে সোমবাৰে নিশা প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱাসকলৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। তেওঁলোকে অবৈধভাৱে ভাৰতলৈ আহিছিল। দিল্লীত শ্ৰমিক হিচাপে কাম কৰি আছিল।

দিল্লী আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে যুৱককেইজনে জোৰ কৰি লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা বহু বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। তেওঁলোকক জেৰা অব্যাহত আছে।

যুৱককেইজনে কিয় লালকিল্লাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তাত আৰক্ষীয়ে কোনো ধৰণৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল নেকি সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

দেশৰ স্বাধীনতা দিৱস আহি আছে। আৰু তাৰ আগতে আৰক্ষীয়ে লালকিল্লাকে ধৰি দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত নিৰাপত্তা সুদৃঢ় কৰি তুলিছে। ইয়াৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

আনহাতে, দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত বাংলাদেশৰ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ কাম আৰম্ভ হৈছে।