NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত সংঘটিত পৃথক ঘটনাত পানীত ডুবি মৃত্যু পাঁচজন শিশু-কিশোৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2024 10:07 am

দেওবাৰে ৰাজ্যৰ লখিমপুৰ আৰু যোৰহাট জিলাত পানীত ডুব যোৱা দুৰ্ঘটনাত ৫জন ল’ৰাই প্ৰাণ হেৰুৱাইছে।

লখিমপুৰৰ ঢকুৱাখনা অঞ্চলৰ চেনিমাৰী গাঁৱৰ তিনিটা শিশুৰ বাবে তীব্ৰ গৰমে মাৰাত্মক হৈ পৰে। ঠাণ্ডা পানী দেখি হৈ ল’ৰাকেইটাই সাঁতুৰিবলৈ পুখুৰী এটাত নামি পৰে।

কিন্তু গভীৰ পানীলৈ যোৱা সময়তে তিনিওজন ল’ৰা ডুব যায়। ঘটনাৰ সাক্ষী  গাঁওবাসীয়ে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল।

লগতে পঢ়কঃ গুৱাহাটীৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ; চতুৰ্থ পত্নীৰ বিৰুদ্ধে অভিযোগ তৃতীয় পত্নীৰ

একেধৰণৰ ঘটনা সংঘটিত হয় যোৰহাট জিলাৰ ন’-পমুৱা বালিগাঁও গাঁৱত, য’ত গৰু চৰি থকা দুজন কিশোৰ পুখুৰীত পৰি পানীত ডুবি যায়।

কেইবাঘণ্টা ধৰি ঘৰলৈ উভতিব নহাৰ বাবে প্ৰথমে ল’ৰা দুটা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছিল।

স্থানীয় লোকৰ অনুসন্ধানত চৰণীয়া পথাৰখনৰ ভিতৰত অৱস্থিত এটা দ পুখুৰীত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।

লগতে পঢ়কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি গ’ল বাইডেন; কোন হ’ব ডেম’ক্ৰেটৰ প্ৰাৰ্থী?

আৰক্ষীয়ে দুয়োটা ঘটনাৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে।