NORTHEAST NOW (Assamese)

পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণঃ পাচজন চীনা নাগৰিক নিহত

March 27, 2024 7:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 26, 2024 10:38 pm

এক ভয়াৱহ আত্মঘাতী বোমাৰু বিস্ফোৰণে কালি জোকাৰি তোলে পাকিস্তান। দেশখনৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত এই বিস্ফোৰণত পাঁচজন চীনা নাগৰিকৰ লগতে এজন স্থানীয় লোক নিহত হয়।

আঞ্চলিক আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ইছলামবাগৰ পৰা দছুত থকা শিবিৰলৈ যোৱা চীনা অভিযন্তাৰ কনভয়ত বিস্ফোৰক ভৰ্তি বাহন এখন খুন্দা মাৰে।

এই আক্ৰমণত পাঁচজন চীনা নাগৰিক আৰু তেওঁলোকৰ বাহনখন চলাই নিয়া পাকিস্তানী চালকজন থিতাতে নিহত হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

বিস্ফোৰণৰ পিছতে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰে।

পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই আক্ৰমণক গৰিহণা দি পাকিস্তানৰ প্ৰতি শত্ৰুতা থকা শক্তিসমূহে পাকিস্তান-চীনৰ বন্ধুত্বৰ ক্ষতি কৰাত কেতিয়াও সফল নহ’ব বুলি সকীয়নি দিয়ে।

ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত তেওঁ পাঁচজন চীনা নাগৰিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related News