NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত ৫ গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 11:00 pm

বিগত ২৪ ঘণ্টাত ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত পাঁচগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৭৮ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, ত্ৰিপুৰাত মৃতকৰ হাৰো ০.৮৮ শতাংশলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰে।

স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি ত্ৰিপুৰাত এই পৰ্যন্ত মুঠ ৮৯২০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে বৰ্তমান ৰাজ্যখনত ২৪০৭ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্তৰ হাৰ ৩.৬৫ শতাংশ।

ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ৭৮ গৰাকী লোকৰ ভিতৰত ৫৪ গৰাকী লোকৰ চলিত মাহতে মৃত্যু হৈছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ লগতে অসমতো আজি পুনৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা লোক কেইগৰাকীৰ ভিতৰত কাছাৰৰ চিলা বেগম মজুমদাৰ(৪৮), কাৰ্বি আংলঙৰ চিত্ৰা দে(৬০), যোৰহাটৰ বেদান্ত আও(৬১), ডিব্ৰুগড়ৰ ববিতা সিং(৪৫), কৰিমগঞ্জৰ ৰণধীৰ শৰ্মা(৭৫), কাছাৰৰ দেবব্ৰত দেব(৪৮), কাছাৰৰ শ্ৰীনিবাস কাংছা বানিক(৬৪), নগাঁৱৰ অঞ্জিমা বেগম(৫৫), কোকৰাঝাৰ ড০ অমল মুছাহাৰী(৫৩) আৰু চৰাইদেউৰ য়ুছুফ আলী(৫৭)।