NORTHEAST NOW (Assamese)

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

May 23, 2022 8:18 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি থকা ৫ গৰাকী কিশোৰীক উদ্ধাৰ কৰিলে তামুলপুৰ আৰক্ষীয়ে।

ৰঙিয়া ৰে’লৱে ষ্টেচনৰ পৰা ৰে’লযোগে বহিঃৰাজ্যলৈ লৈ যোৱাৰ প্ৰাকক্ষণত কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰে তামুলপুৰ আৰক্ষীয়ে।

কিশোৰী কেইগৰাকীক কৰ্ম সংস্থাপনৰ প্ৰলোভন দি কুমাৰীকাটাৰ পৰা পৰিয়ালৰ লোকৰ অজ্ঞাতে দালালে ফুচুলাই নিবলৈ প্ৰস্তুতি চলাইছিল ৷

ৰঙিয়াৰ পৰা ৰে’লযোগে গুজৰাটৰ ৰাজকোটলৈ নিবলৈ সাজু হৈছিল কিশোৰী কেইগৰাকীক।

ৰঙিয়া ৰে’ল আৰক্ষীৰ সহযোগত তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ৫ গৰাকী কিশোৰীক ৷

এই ঘটনাৰ সৈতে জড়িত অনিতা নামৰ মহিলা এগৰাকীক তামুলপুৰ আৰক্ষীয়ে আটক কৰিছে ৷

মহিলা গৰাকীয়ে কিশোৰী কেইগৰাকীক নানান প্ৰলোভন দি গুজৰাটলৈ নিয়াৰ চেষ্টা চলাইছিল ৷

Related News