NORTHEAST NOW (Assamese)

ভাৰতত প্ৰৱেশৰ চেষ্টা! শ্ৰীভূমিত আটক ৫ বাংলাদেশী নাগৰিক

February 15, 2025 8:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 15, 2025 8:32 am

শুক্ৰবাৰে অসম-বাংলাদেশ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক আটক কৰি ঘূৰাই পঠিয়াই শ্ৰীভূমি আৰক্ষীয়ে।

চাৰিজন ৰোহিংগীয়া আৰু এজন বাংলাদেশীৰে গঠিত এই দলটোক চিনাক্ত কৰি সীমান্তৰ সমীপত আটক কৰা হয়।

সূত্ৰসমূহে জনোৱা মতে, মানক পদ্ধতি অনুসৰণ কৰি আৰক্ষীয়ে ব্যক্তিসকলক নিজ নিজ অঞ্চললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, ইয়াৰে কোনো এজন ব্যক্তিৰে বৈধ নথি-পত্ৰ নাছিল আৰু তেওঁ জীৱিকাৰ বাবে অসম হৈ অন্য ৰাজ্যলৈ যোৱাৰ চেষ্টা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১১ ফেব্ৰুৱাৰীত মেঘালয়ৰ সীমান্ত সুৰক্ষা বাহিনীয়ে এগৰাকী মহিলাকে ধৰি দুজন বাংলাদেশী নাগৰিকক আটক কৰিছিল।

Related News