NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজাৰ মণ্ডপত বিধ্বংসী অগ্নিকাণ্ড: দুগৰাকী মহিলা, তিনি শিশু নিহত; আহত কমেও ৬০ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2022 10:45 am
দুৰ্গা পূজাৰ মণ্ডপত বিধ্বংসী অগ্নিকাণ্ড: দুগৰাকী মহিলা, তিনি শিশু নিহত; আহত কমেও ৬০ জন

আনন্দ উদযাপনৰ মাজতে আকস্মিকভাৱে ঘটিল ভযংকৰ ঘটনাটো। মহাসপ্তমীৰ নিশা উত্তৰ প্ৰদেশৰ এটা দুৰ্গা পূজাৰ মণ্ডপত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাটোত তিনিটা শিশু আৰু দুগৰাকী মহিলা নিহত হয়। এই ঘটনাত আন কমেও ৬০ জন লোক আহত হয়। আহতসকল বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ঘটনাটো উত্তৰ প্ৰদেশৰ ভাদোইত সংঘটিত হৈছে। দেওবাৰে নিশা প্ৰায় ৯ বজাত আৰতি চলি থকাৰ সময়তে কেনেবাকৈ পূজা মণ্ডপত জুই লাগে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে বুলি অনুমান কৰিছে। ঘটনাটোৰ সময়ত মহিলা আৰু শিশুসহ ১৫০ জন লোক পূজা মণ্ডপৰ ভিতৰত আছিল।

ঘটনাটোত তিনিটা শিশু আৰু দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন ৬০ জন লোক আহত হৈছে। নিহত শিশু তিনিটাৰ বয়স ক্ৰমে ১২, ১০ আৰু ৮ বছৰ বুলি কোৱা হৈছে। আনহাতে নিহত মহিলা দুগৰাকীৰ বয়স ৪৫আৰু ৪২ বছৰ বুলি জানিব পৰা গৈছে।

জিলা দণ্ডাধীশ গৌৰং ৰাঠীয়ে কয়, “যোৱা মহাসপ্তমীৰ নিশা সংঘটিত অগ্নিকাণ্ডত দুগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এগৰাকী ১২ বছৰীয়া কিশোৰৰ ঘটনাস্থলীত মৃত্যু হয়। পিছত চিকিৎসালয়ত এটি ১০ বছৰীয়া আৰু এটি ৮ বছৰীয়া শিশুৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয়।‘’

আৰক্ষীয়ে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু ইয়াক কিয় তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল সেই বিষয়ে তদন্ত কৰি আছে।