NORTHEAST NOW (Assamese)
অসম

Indian Soldiers Martyred : জম্মু আৰু কাশ্মীৰত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ৫ গৰাকী বিষয়া-জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2021 2:40 pm
Indian Soldiers Martyred

Indian Soldiers Martyred দুৰ্গা পূজাৰ প্ৰথম দিনটোতে জম্মু আৰু কাশ্মীৰত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ৫ গৰাকীকৈ বিষয়া-জোৱান।

সোমবাৰে পুৱাই সংঘটিত হৈছে এই ঘটনা।

সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে ভাৰতীয় সেনাৰ ৫ গৰাকী বিষয়া-জোৱান।

বাতৰি অনুসৰি, শ্বহীদসকলৰ ভিতৰত এগৰাকী জুনিয়ৰ কমিছনড অ’ফিচাৰ আৰু আন তিনিগৰাকী জোৱান আছে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সেনা বিষয়া তথা জোৱানসকলক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় এই পাঁচগৰাকী বিষয়া-জোৱানে।

ইন্টেলিজেন্সৰ এটা খবৰৰ ভিত্তিত আজি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত সেনাই অভিযান চলিছিল।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এই পাঁচগৰাকী বিষয়া আৰু জোৱান।

বৰ্তমানলৈ তেওঁলোকৰ পৰিচয় প্ৰকাশ পোৱা নাই।