NORTHEAST NOW (Assamese)
অসম

মণিপুৰত জেডিইউৰ ছয়জন বিধায়কৰ পাঁচজনেই যোগ দিলে বিজেপিত

Posted by: এন ই নাও নিউজ, ইম্ফল Updated by: এন ই নাও নিউজ, ইম্ফল September 3, 2022 10:32 am

নীতিশ কুমাৰৰ জনতা দল-ইউনাইটেডে (জেডিইউ) বিহাৰত বিজেপিৰ সৈতে সকলো সম্পৰ্ক ভাঙি পেলোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ ছয়জন জেডি(ইউ) বিধায়কৰ ভিতৰৰ পাঁচজনে শাসকীয় বিজেপিত যোগদান কৰে। ৰাজ্যিক বিধানসভাৰ এক বিবৃতিত এই কথা সদৰী কৰা হৈছে।

বিবৃতিটোত স্বাক্ষৰ কৰা মণিপুৰ বিধানসভাৰ সচিব কে মেঘাজিত সিঙে কয় যে অধ্যক্ষই বিজেপিৰ সৈতে জেডিইউৰ পাঁচজন বিধায়কৰ একত্ৰীকৰণ স্বীকাৰ কৰিছে।

লগতে পঢ়ক: প্ৰস্ৰাৱ কৰি পেণ্ট তিয়োৱাৰ শাস্তি; ৩ বছৰীয়া শিশুৰ গোপনাংগ জ্বলালে শিক্ষকে

বিবৃতিটোত লগতে কোৱা হৈছে যে যিহেতু বিজেপিলৈ সলনি হোৱা বিধায়কৰ সংখ্যা মুঠ সংখ্যাৰ দুই-তৃতীয়াংশতকৈ অধিক, সেয়েহে এই পদক্ষেপ বৈধ বুলি গণ্য কৰা হ’ব।

উল্লেখ কৰিব পাৰি যে ২০২০ চনতো অৰুণাচল প্ৰদেশৰ সাতজনৰ ভিতৰত ছয়জন জেডি(ইউ) বিধায়কে বিজেপিত যোগদান কৰিছিল। শেষত বাকী থকা বিধায়কজনেও যোৱা সপ্তাহত বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে।

বিজেপিত যোগদান কৰা বিধায়ককেইজন হ’ল কে এইচ জয়কিষাণ, এন চানেট, মহম্মদ আচাব উদ্দিন, প্ৰাক্তন ডিজিপি এল এম খাউতে আৰু থাংজাম অৰুণকুমাৰ।

লগতে পঢ়ক: Maternity Leave: মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হ’লেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী

ইয়াৰ পূৰ্বে আগষ্ট মাহত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ সৈতে সকলো সম্পৰ্ক ভংগ কৰে আৰু তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু অন্যান্য দলৰ সৈতে চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লয়।