NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিলে ৫ টাকৈ টুপীমূৰীয়া বান্দৰ

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ January 10, 2022 4:01 pm

বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত সংঘটিত হ’ল এক নিকৃষ্ট কাণ্ড। সন্দেহজনক চোৰাং চিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰি নেজ আৰু ছাল কাটি লৈ গ’ল বনাঞ্চল খনত থকা অতি বিৰল প্ৰজাতিৰ পাঁচটাকৈৈ টুপী মূৰীয়া বান্দৰৰ ।

সম্প্ৰতি এই ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে চাঞ্চল্যৰ। জানিব পৰা মতে বিহালী সংৰক্ষিত বনাঞ্চল খনৰ জীৱ জন্তুৰ ওপৰত গৱেষণা চলাই থকা এটা দলে যোৱা ৪ জানুৱাৰীত বনাঞ্চল খনৰ ৰঙাগড়া বীট অফিচৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ নিলগত প্ৰত্যক্ষ কৰে টুপী মূৰীয়া বান্দৰৰ ট্ৰাকি পিথেকাছ পাইলেটাছ ভাৰ ব্ৰহ্মা নামৰ প্ৰজাতিৰ ৫ টাকৈ জঁকা।

হাতীডিপু বনভোজ থলীলৈ যোৱাৰ পথত নেজ আৰু ছাল নথকা এই জঁকা সমূহ দেখি গৱেষণা কৰি থকা দলটোয়ে বন বিভাগক অৱগত কৰাত বন বিভাগে উদ্ধাৰ কৰে টুপী মূৰীয়া বান্দৰৰ এই জঁকা সমূহ।

সম্প্ৰতি বন বিভাগে এই জঁকা সমূহ ফৰেনচিক লেৱৰেটৰীলৈ পঠাইছে পৰীক্ষাৰ বাবে। ইফালে এই নিকৃষ্ট কাণ্ড বনাঞ্চল খনত চোৰাং চিকাৰীয়ে সংঘটিত কৰিছে বুলি বিহালীৰ নেচাৰ্ছ বন্যপ্ৰাণ সংস্হা আৰু গৱেষণা কৰা ছাত্ৰ সকলে সন্দেহ কৰিছে।

আনহাতে এটা জঁকাৰ লাওখোলাত থকা এটা ফুটা থকাৰ প্ৰত্যক্ষ কৰাত চোৰাং চিকাৰীয়ে এই কাণ্ড গুলী ফুটাই সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে গৱেষণা কৰি থকা ছাত্ৰ সকলে। আনহাতে বিৰল প্ৰজাতিৰ এই টুপী মুৰীয়া বান্দৰৰ নেজ আৰু ছালৰ চোৰাং বজাৰত অধিক মূল্য থকাৰ বাবেই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰাৰ লগতে চোৰাং চিকাৰীয়ে বান্দৰ সমূহ হত্যা কৰি মূৰটো জ্বলাই দিছে বুলি জানিবলৈ দিছে গৱেষণা কৰা ছাত্ৰই।

কিছুদিন আগলৈকে বনাঞ্চল খনৰ গছে গছে বিচৰণ কৰি থকা এই টুপী মূৰীয়া বান্দৰৰ পৰিয়ালটোৰ ৫ জনকৈ সদস্যৰ মৃত্যুত ব্যথিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সংগঠন আৰু ব্যক্তি ।

আনহাতে সংৰক্ষিত বনাঞ্চল খনক শীঘ্ৰেই অভয়াৰণ্য কৰি তুলিবলৈও দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰকৃতিপ্ৰেমী সকলে দাবী জনাইছে।