NORTHEAST NOW (Assamese)

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

May 21, 2025 5:00 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

পাকিস্তানৰ বেলুচিস্তানৰ খুজদাৰ জিলাত বুধবাৰে পুৱা এখন স্কুল বাছত সংঘটিত আক্ৰমণত তিনি শিশুসহ ৫ জন লোক নিহত হোৱাৰ লগতে দুডজনৰো অধিক লোক আহত হয়।

খুজদাৰৰ উপ আয়ুক্ত ইয়াছিৰ ইকবাল দষ্টীয়ে জনোৱা মতে, পুৱাৰ ভাগত খুজদাৰ চহৰৰ জিৰ পইণ্টত এখন বাছে চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা স্কুললৈ শিশু কঢ়িয়াই নিয়াৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। তেওঁৰ মতে, বাছখন জিৰ পইণ্ট পোৱাৰ লগে লগে বাছখনৰ ওচৰতে বিস্ফোৰণ সংঘটিত হয়।

উপায়ুক্ত খুজদাৰৰ মতে, আহতসকলক  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে এই আক্ৰমণৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে।

খুজদাৰ থানাৰ এছএইচঅ’ই জনোৱা মতে, “লক্ষ্য কৰা বাছখনে খুজদাৰ কেণ্টৰ এখন বিদ্যালয়ৰ শিশু কঢ়িয়াই লৈ ফুৰিছিল।

বিস্ফোৰণত বাছখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে বাছখনৰ ওচৰতে ৰখাই থোৱা এখন সৰু গাড়ীও ক্ষতিগ্ৰস্ত হয়। তেওঁ কয় যে যদিও এতিয়াও তদন্ত চলি আছে, তথাপিও দেখা গৈছে যে বিস্ফোৰকসমূহ একেখন সৰু বাহনতে আছিল।

তেওঁ কয় যে বিস্ফোৰকসমূহ ৰিমট কণ্ট্ৰলৰ দ্বাৰা বিস্ফোৰণ কৰা হৈছে নে আত্মঘাতী বোমাৰু বিস্ফোৰণ কৰা হৈছে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। আৰক্ষী বিষয়াৰ মতে, বাছখনত প্ৰায় ৪০টা শিশুৱে যাত্ৰা কৰি আছিল।

এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই যদিও ইয়াক বেলুচ উগ্ৰপন্থীৰ সৈতে জড়িত কৰা হৈছে। পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰে।তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ীসকল কোনো ধৰণৰ দয়াৰ যোগ্য নহয়। তেওঁ কয় যে উগ্ৰপন্থীয়ে “নিৰীহ শিশুক লক্ষ্য কৰি বৰ্বৰতা” সংঘটিত কৰিছে।

Related News