NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটৰ জংঘলত উদ্ধাৰ পাঁচ হাজাৰ বছৰ পুৰণি সভ্যতা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2023 4:43 pm

ঐতিহাসিক দৃষ্টিকোণৰ পৰা গুজৰাটৰ দেৱগড় বাৰিয়াৰ বনাঞ্চল অতি গুৰুত্বপূৰ্ণ। পূৰ্বতে এই অঞ্চলত মেছলিথিক যুগৰ বহুতো ঐতিহাসিক সমল পোৱা গৈছিল। এইবাৰ অঞ্চলটোত উদ্ধাৰ হৈছে ৫০০০ বছৰ পুৰণি সভ্যতাৰ সমল। উল্লেখ্য যে এই অঞ্চলটো ভালুকৰ বাবে বিখ্যাত। 

জানিব পৰা মতে, গুজৰাট বন বিভাগৰ এটা দলে দেৱগড় বাৰিয়াৰ বনাঞ্চললৈ ট্ৰেকিং কৰিবলৈ গৈছিল। তাত তেওঁলোকে অৰণ্যৰ গভীৰত এটা শিলৰ গুহা দেখা পাইছিল। তাৰ পাছত দলটোৱে গুহাটোত প্ৰৱেশ কৰিলে। তাত তেওঁলোকে এনে বহুতো প্ৰতিচ্ছবি দেখিলে যিবোৰ প্ৰায় ৫০০০ বছৰৰ পুৰণি।

লগতে পঢ়কঃ কি আছে! ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ’

গুহাটোৰ গভীৰতালৈ সোমাই যোৱাৰ পিছত তেওঁলোকে গুহাটোৰ ওপৰত এটা ভালুক দেখা পাইছিল। বনকৰ্মীসকল উভতি আহোঁতে গুহাৰ ভিতৰৰ পৰা শিল কেইটামান লগত লৈ আহিছিল। শিলৰ টুকুৰাবোৰ পৰীক্ষা কৰিলে দেখা গ’ল যে এই অঞ্চলত মেছলিথিক যুগত মানুহৰ বসতি আছিল। তাত থকা মানুহে এই গুহা চিত্ৰ অংকন কৰিছিল।

পুৰাতত্ত্ববিদসকলে কয় যে সেই যুগৰ কিছুমান চিত্ৰ এতিয়াও অক্ষত অৱস্থাত আছে। বনাঞ্চলৰ সহকাৰী সংৰক্ষক প্ৰশান্ত টোমাৰে গুহাৰ ছবিসমূহ কেমেৰাত বন্দী কৰে। তেওঁ কয় যে, “কিছুমান ছবি এতিয়াও অক্ষত অৱস্থাত আছে। 

লগতে পঢ়কঃ হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি মূৰ দোৱালে নৰেন্দ্ৰ মোডীয়ে

পূৰ্বতে ইয়াত বসতি কৰা লোকসকলে গ্ৰেনাইটৰ শিলত এনেদৰে ছবি আঁকিছিল যাতে ৰ’দ আৰু বৰষুণৰ ফলত ইয়াৰ কোনো ক্ষতি নহয়। গুজৰাটৰ এম এছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গুহা শিল্প বিশেষজ্ঞ ভি এইচ সোণোৱানৰ মতে, “শিলৰ চিত্ৰবোৰ যেন বিভিন্ন যুগৰ। সম্ভৱতঃ এটা ম’হ আৰু কেইটামান মানুহৰ মূৰ্তিৰ মেছলিথিক যুগৰ অংকন।”