NORTHEAST NOW (Assamese)

কৃষি মন্ত্ৰীৰ সমষ্টিতে বানপীড়িত গো-পালকৰ হাৰাশাস্তি! গো-বাটত কাঁটা তাঁৰৰ বেৰা বাগান কৰ্তৃপক্ষৰ

August 2, 2023 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

কৃষি আৰু পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে এইবাৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে বানপীড়িত অঞ্চলৰ গো-পালক সকল। আজিও পশু খাদ্যৰ অভাৱত কাৰ্বি পাহাৰলৈ খাদ্যৰ সন্ধানত যাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে বোকাখাতত।

বোকাখাত সমষ্টিৰ বান পীড়িত বহু কেইটা অঞ্চলৰ কৃষিজীৱী ৰাইজে বাৰিষা সময়ছোৱাত পশু খাদ্যৰ সংকটৰ বাবে গৰু, মহ আদি বছৰ বছৰ ধৰি দক্ষিণে থকা কাৰ্বি পাহাৰত চৰাবলৈ নিয়াটো এক পৰম্পৰাগত দৃশ্য।

কিন্তু লক্ষণীয় ভাৱে বিগত দুই তিনি বছৰ ধৰি বোকাখাতৰ ডিফলু আৰু নাহৰজান চাহ বাগিচা কৰ্তৃপক্ষই বানপানীৰ সময়ত কাৰ্বি পাহাৰলৈ গৰু মহ চৰাবলৈ যোৱাত বাধা প্ৰদান কৰি অহাৰ লগতে গৰু, ম’হ লৈ যোৱা বাট পথ সমুহত কাঁটা তাঁৰৰ বেৰা দি বাধা প্ৰদান কৰিছে।

এই ঘটনাই সম্প্ৰতি বোকাখাতৰ বানপীড়িত কৃষিজীৱী তথা পশুপালক ৰাইজৰ মাজত সৃষ্টি কৰিছে এক তীব্ৰ উত্তেজনাৰ। যাৰ বাবে পশু খাদ্যৰ সংকটত পৰি দিশহাৰা হৈছে এতিয়া বোকাখাতৰ কৃষিজীৱী পশুপালক সকল।

ইফালে চাহ বাগিচা কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত বোকাখাতৰ দণ্ডাধীশ তথা চক্ৰবিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই।

জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখপাত্ৰ প্ৰবীণ পেগুৱে বানপানীৰ সময়ছোৱাত বোকাখাতৰে বিধায়ক ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী হোৱাৰ পিছতো প্ৰয়োজন সাপেক্ষে পশু খাদ্যৰ যোগান দিব নোৱাৰাতো চৰকাৰখনৰেই আন এক বিফলতা বুলি অভিযোগ কৰে।

“ইয়াৰ পৰিবৰ্তে জীপাল কৃষক-শ্ৰমিক সংঘই পূৰ্বৰে পৰা যি গৰু মহৰ খাদ্যৰ ব্যৱস্থাৰ বাবে সংযুক্ত হৈ আহিছো তাতো এই বাগান কৰ্তৃপক্ষই হস্তক্ষেপ কৰি আহিছে।আজি দুই তিনি বছৰ ধৰি প্ৰতি বছৰে কৰি অহা এই দু-ব্যৱহাৰ আমাৰ বানপীড়িত ৰাইজে সহ্য কৰি আহিছে।”- তেওঁ লগতে কয়।

স্মাৰক পত্ৰৰ যোগেদি এনে অপমান সদায়েই আৰু সহ্য কৰা নাযাব বুলি সকীয়নি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি কৃষক শ্ৰমিক নেতা প্ৰবীণ পেগুৱে লগতে ক্ষোভেৰে কয়, “পাহাৰ বোৰত বাগান নিৰ্মান কৰাটো কিমান গ্রহণযোগ্য সেয়া উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰায় প্ৰদান কৰি থৈছে।”

“সেয়েহে ডিফলু আৰু নাহৰজান বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু বিগত চাৰি-পাঁচ বছৰত চাহ বাগিচা কৰ্তৃপক্ষই পাহাৰ খহাই কিমান হেক্টৰ ভূমিত বাগান নিৰ্মান কৰিলে, তাৰ কৈফিয়ৎ তলব কৰক তথা ইয়াৰ এক শ্বেটপত্ৰ ৰাজহুৱা কৰক।”- পেগুৱে কয়।

বাগান কৰ্তৃপক্ষৰ এই কাৰ্যক পৰিবেশ তন্ত্ৰৰ ওপৰত কৰা অপৰাধ হিচাপে গণ্য কৰা উচিত বুলিও পেগুৱে মন্তব্য কৰে। ইফালে ঘটনা সন্দৰ্ভত প্ৰশাসনক এক জৰুৰী ত্ৰিপাক্ষিক আলোচনাৰে সমস্যাৰ স্থায়ী সমাধানৰ দাবী কৰে জীপাল কৃষক-শ্ৰমিক সংঘই।

অন্যথা প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলিও কৃষক-শ্ৰমিক সংঘই উল্লেখ কৰে।

Related News