NORTHEAST NOW (Assamese)
অসম

কাৰ্বি পাহাৰৰ পৰা নামি অহা ঢলে কাজিৰঙাত প্লাৱিত কৰিলে ৰাষ্ট্ৰীয় পথ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 22, 2019 2:36 pm
Flood in Assam's Bokakhat

কাৰ্বি পাহাৰৰ পৰা নামি অহা ঢলে বুধবাৰে পুৱাতে বুৰাই পেলায় কাজিৰঙাৰ তৃতীয় সংযোজনৰ ৩৭নং ৰাষ্ট্ৰীয় পথ।

কাজিৰঙাৰ দক্ষিণ সীমাৰ কাৰ্বি পাহাৰত হোৱা অবৈধ শিল খনন আৰু বন ধ্বংসৰ বাবে কাজিৰঙাৰ তৃতীয় সংযোজন এলেকাৰ পাণবাৰীৰ কাকজুৰি নামৰ জানটো পুতি পেলোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হয়৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ সীমাতে থকা পাণবাৰী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি গঢ়ি উঠা এলানি শিল ভঙা উদ্যোগ আৰু শিলৰ খননে অঞ্চলটোৰ শিলজুৰি আৰু কাকজুৰি নামৰ দুটাকৈ জুৰি পুতি পেলোৱাৰ পিছত পুৱাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷

শিলৰ খনন আৰু শিল ভঙা উদ্যোগৰ বাবে হোৱা ভয়ঙ্কৰ ভূমিস্খলনে কাৰ্বি পাহাৰৰ পৰা নামি অহা দুয়োটা জুৰি পুতি পেলোৱাৰ লগতে অঞ্চলটোৰ বিস্তৃৰ্ণ ভূমিও পুতি পেলায়৷

পানীৰ ঢলৰ লগত নামি অহা শিলমাটিয়ে পাণবাৰীৰ বিস্তৃৰ্ণ এলেকাৰ লগতে সমীপৰ কৃষিভূমি আৰু চাহবাগিছাৰ প্ৰসাৰিত অঞ্চলো পুতি পেলাইছে৷

ৰাষ্ট্ৰীয় পথটোৰ পিছত পানীৰ ঢলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি প্লাৱিত কৰে৷