NORTHEAST NOW (Assamese)
অসম

মানাহৰ ঢলে উটুৱাই নিলে বঙাইগাঁও-গোৱালপাৰা সংযোগী কাঠৰ দলং : অৰ্ধশতাধিক গাঁও বিচ্ছিন্ন

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী August 2, 2020 2:07 pm
IMG_20200802_110258

নিশাৰ ভিতৰতে বঙাইগাঁৱৰ নাম্বাৰপাৰা -গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰৰ কাঠৰ দলং উটুৱাই নিলে নৈৰ বাঢ়নী পানীয়ে। ইয়াৰ ফলত অৰ্ধশতাধিক গাৱঁৰ যোগাযোগ বিচ্ছিন্ন।

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং যোৱা নিশা পানীৰ সোতেঁ উটুৱাই লৈ যায়।

দীৰ্ঘদিন ধৰি দলংখন জৰাজীৰ্ণ হৈ আছিল দলংখন। যাৰ বাবে অতিকৈ দুৰ্বল হৈ পৰিছিল আৰু  দলংখনৰ খুটিৰ কাঠবোৰ পঁচি গৈছিল।

ফলত দলংখন যোৱা নিশা পানীৰ সোঁতৰ লগত যুদ্ধ কৰি তিষ্ঠিব নোৱাৰি উটি যায় মানাহৰ বুকুত।

কিছু দিন পূৰ্বেও দলং খনত উজনিৰ পৰা উটি অহা এটা বাহৰ সাকৌ লাগি ধৰিছিল। কোনোমতে ৰাইজৰ তৎতপৰতাত দলং তেতিয়া ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও যোৱা নিশা পানীৰ সোঁতত উটি যায়।

দলং খনৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছে যদিওঁ কোনো সমাধান পোৱা নাই ৰাইজে।

আনহাতে দলংখন মেৰামতিৰ বাবে কেইবাবছৰ ধৰি স্থানীয় বিধায়ক আব্দুল হাই নাগৰীৰক অনুৰোধ জনোৱাৰ পিছতো দলংখন মেৰামতিৰ বাবে কোনো ব্যৱস্থা নোলোৱাত নিশা দলংখন পানীৰ প্ৰবল সোঁতত উটি যায় বুলি ৰাইজে জানিবলৈ দিয়ে স্থানীয় লোকে।

দলংখন উটি যোৱাৰ ফলত প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰ্হিবিশ্বৰ সৈতে।

এখন সৰু টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

সেয়ে ঠাইখনত যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ বাবে যিকোনো ব্যৱ্স্থা কৰি দিয়াৰ বাবে চৰকাৰৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।