NORTHEAST NOW (Assamese)
অসম

জলমগ্ন দিচাংমুখ: পুৱাই সমষ্টিৰ বানপীড়িতৰ কাষত বিধায়ক অখিল গগৈ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ June 20, 2022 9:06 am
Akhil Gogoi Disangmukh

শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত দিচাংমুখ অঞ্চলত পূৰ্বৰ দৰেই এইবাৰো বানে সৃষ্টি কৰিছে অবিবৰ্ণীয় পৰিস্থিতিৰ। অঞ্চলটোৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে আলৈ-আথানি কৰিছে স্থানীয় ৰাইজক।

আগতীয়া বানে বুৰাই পেলাইছ খেতি মাটিৰ লগতে ঘৰ দুৱাৰ। দিচাংমুখৰ মাজৰবাৰী, আলিচিগা, লিগিৰীবাৰী, চৰাইপৰা, অফলা আদিৰ বিস্তৃৰ্ণ অঞ্চল বানে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে।

বানৰ এই আতংকময় পৰিস্থিতিৰ মাজতে আজি পুৱা ৫ বজাতেই দিচাংমুখত উপস্থিত হৈ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে।

বিধায়ক গৰাকীয়ে বানপীড়িত অঞ্চলৰ পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজে পৰ্যাপ্ত সাহায্য পাইছেনে নে নাই তাক তদাৰক কৰে।

লগতে দিচাংমুখৰ বানপানী সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।