NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ বান পৰিস্থিতি : মথাউৰিতে মৃতদেহ সৎকাৰ; খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ

Posted by: এন ই নাও নিউজ September 16, 2018 10:50 am

লখিমপুৰ জিলাৰ বান পৰিস্থিতি সামান্য পৰিমাণে উন্নতি ঘটিছে যদিও বানে সৰ্বস্ব নিঃশেষ কৰা তথা বিধ্বস্ত কৰা অঞ্চলসমূহত বন্যাৰ্ত ৰাইজে বৰ্তমানো জটিল পৰিস্থিতিৰ মাজতে থাকিব লগীয়া হৈছে।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি (ঘনচৰাইত), ডিক্ৰং আৰু পাভ নৈত বৰ্তমানো বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে।

আনহাতে এই বানত জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ১৩৮৪ হেক্টৰ কৃষিভূমি, ৪৫৮৬ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৩৯৬৩ টা পশুধনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

ইফালে নীপকোৰ ৰঙানদীৰ জলপ্ৰকল্পৰ পানী বিগত কেইবাদিনো ধৰি ডিক্ৰঙত ধাৰাবাহিকভাৱে এৰি থকাৰ ফলত নদীখনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিহপুৰীয়াৰ বিভিন্ন অঞ্চল।

বানৰ ফলত মৰিছাপথাৰ, বৰাইখানা, বঙালী চিট, মধুপুৰ দহঘৰীয়াকে ধৰি একাংশ গাঁও এতিয়াও বানত ডুব গৈ আছে।

উল্লেখযোগ্য যে বানপানীৰ ফলত অলপতে মধুপুৰ গাঁৱৰ বায়ন দুলাল কলিতাৰ পৰলোকপ্ৰাপ্তি হোৱাত মৃতদেহ সৎকাৰৰ বাবে স্থানীয় ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

সমগ্ৰ অঞ্চল বানত ডুব গৈ থকাৰ ফলত অৱশেষত গাঁওখনৰ মথাউৰিতে মৃতদেহ সৎকাৰ কৰিব লগীয় পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে ডিক্ৰঙৰ সমান্তৰালভাৱে সোৱণশিৰি জলপৃষ্ঠও বৃদ্ধি পোৱাত বানত ডুব গৈছে শ্ৰী শ্ৰী চাংগিনী সত্ৰ। যাৰ ফলত চিন্তিত হৈ পৰিছে সত্ৰৰ ভকতসকল।

যিহেতু স্থানীয় প্ৰায় কেইবাখনো গাঁও লগলাগি আগন্তুক মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক প্ৰস্তুতি চলাইছিল। কিন্তু বৰ্তমান বাঢ়নী পানীয়ে সত্ৰখন বুৰাই পোলৱাত স্বাভিৱকতে চিন্তাত পৰিছে ভকতসকল।

ইফালে সোৱণশিৰি বাঢ়নী পানীয়ে বিহপুৰীয়াৰ বদতি আৰু ধূনাগুৰিৰ কেইবাখনো গাঁও বুৰাই পেলোৱাৰ ফলত গাঁওসমূহৰ লগত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

মন কৰিব লগীয়া যে জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহলৈ চৰকাৰে বান সাহায্য প্ৰদান কৰাটো দূৰৰে কথা বৰ্তমানলৈকে স্থানীয় জনপ্ৰতিনিধি এগৰাকীও উক্ত অঞ্চলসমূহত উপস্থিত নোহোৱাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।