NORTHEAST NOW (Assamese)
Popular Stories

বানপানীৰ কৱলত ৰাজ্যৰ চাৰি জিলাৰ ১০ হাজাৰৰো অধিক লোক, ২৩ হাজাৰ পশুধন আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2020 8:31 pm

ক’ৰ’নাতংকৰ সমান্তৰালভাৱে ৰজ্যত আৰম্ভ হৈছে বানপানীৰ আতংক।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, ওড়িশাত সামুদ্ৰিক চাইক্ল’ন আম্ফানে তচনচ কৰি যোৱাৰ পিছত যোৱা তিনিদিন ধৰি অব্যাহত থকা বৃষ্টিপাতৰ ফলত অসমত চাৰিখন জিলাৰ বহু গাঁও বানপানীত বুৰ গৈছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ( ASDMA)এ সদৰী কৰা মতে ৰাজ্যৰ চাৰিখন জিলাৰ সাতটা মহকুমাৰ বহু গাওঁ ইতিমধ্যে জলমগ্ন হৈছে।

ৰাজ্যৰ লখিমপুৰ জিলাৰ তিনিটা মহকুমা, গোৱালপাৰা জিলাৰ দুটা, শোণিতপুৰ জিলা আৰু দৰং জিলাৰ এটাকৈ মহকুমাৰ ৪৬ খন গাঁও প্লাৱিত হৈছে।

লখিমপুৰত ৰঙানদীৰ নীপকোৰ বন্ধৰ পানী খুলি দিয়াৰ ফলত নাওবৈচা আৰু বিহপুৰীয়াৰ বহু গাঁও বানত বুৰ গৈছে।

জীয়াভৰলীৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকা বাঢ়নী পানীয়ে শোণিতপুৰ জিলাৰ বিভিন্ন গাঁও জলমগ্ন কৰাৰ বিপৰীতে গোৱাৰপাৰাত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা বাঢ়নি পানীয়ে বিস্তৰ অঞ্চল প্লাৱিত কৰিছে।

গোৱালপাৰাৰ কৃষ্ণাই, দুধনৈ, জিনাৰী, দেওশিলা আদি নৈ উপনৈসমূহে জিলাৰখনৰ বিস্তৃত গাঁও আৰু বিস্তীৰ্ণ কৃষি ভূমিক বুৰাই পেলাইছে।

আনহাতে জিলাখনৰ আগিয়া আৰু লক্ষীপুৰ সংযোগী মূলপথটো গাৰো পাহাৰ পৰা নামি অহা বাঢ়িনী পানীয়ে ছিঙি নিয়ে।

ৰাজ্যৰ প্ৰথমটো বানত ১০ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৩ হাজাৰ পশুধন ওখ ঠাইত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক বানত আক্ৰান্ত ঠাইসমূহত উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে।