NORTHEAST NOW (Assamese)
অসম

আহিনমহীয়া বানৰ কবলত টীয়কৰ জাঁজীমুখ, জলবন্দী গঞা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 27, 2020 7:11 pm
Scr

 পুনৰ ব্ৰহ্মপুত্ৰৰ আবতৰীয়া বানে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখত সৃষ্টি কৰিছে অৱৰ্ণনীয় অৱস্থা।

আজি বিয়লিৰ পৰা নৈ কাষৰীয়া অঞ্চলত পানী দ্ৰুত হাৰত বঢ়া দেখা গৈছে l

বাঢ়নী পানীয়ে জাঁজীমুখৰ জপংগাওঁ, মিলি গাঁও,বৰ মঠাউৰি আদিকে ধৰি প্ৰায় ২০/৩০খন গাঁও  বুৰাই পেলাইছে।

 ফলত এক দুৰ্বিসহ জীৱন কটাব লগা হৈছে অঞ্চলবাসীয়ে।

নৈপৰীয়া এই অঞ্চলটোৰ বহু গাঁও পানীৰ তলত আৰু লাহে লাহে যোগাযোগ বিচ্ছিন্ন হৈ আহিছে বহিঃজগতৰে৷

অঞ্চলটোৰ নিৰাপদ স্থানলৈ পশুধন সমূহক লৈ ঢাপলি মেলিছে পশুপালক সকলে৷

বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়, নামঘৰকে আদি কৰি বিভিন্ন সামাজিক অনুষ্ঠান বৰ্তমান পানীৰ তলত আছে বুলি জানিব পৰা গৈছে৷

এনেদৰে পানী বাঢ়ি থাকিলে পৰিস্থিতি যে অনাগত কেইঘন্টামানতে  আৰু অধিক ভয়াৱহ হ’ব  সেয়া নিশ্চিত ৷